ETV Bharat / state

টীয়কত ব্যতিক্ৰমী দৃশ্যঃ চোৰে দিলে চোৰক নীতি শিক্ষা

author img

By

Published : Dec 3, 2019, 12:48 PM IST

জগদুৱাৰ দলৈ গাঁৱৰ ৰঞ্জন বৰুৱা নামৰ ক্ষুদ্ৰ চাহ খেতিয়ক জনৰ চাহ বাগিছাৰ পৰা সোমবাৰে নিশা মূল্যৱান সাঁচি গছ চুৰ কৰিছিল ধৃত লোককেইজনে ৷ কিন্তু গছ কেইজোপা গাড়ীত উঠাবলৈ লওতেই ৰাইজে হাতে লোটে কৰায়ত্ব কৰে চোৰ কেইটাক যদিও আন তিনিটা চোৰ পলাবলৈ সক্ষম হয় ৷

Thief caught by local people at Teok
টীয়কত ব্যতিক্ৰমী দৃশ্যঃচোৰে দিছে চোৰক নীতিশিক্ষা

টীয়ক, 3 ডিচেম্বৰঃ টীয়কত মঙলবাৰে পুৱাই এক ব্যতিক্ৰমী দৃশ্যই আমোদ দিছে সকলোকে ৷ এজনে লোকে আন এজনক পিতিছে, দিছে নীতি শিক্ষা ৷ পিছে আমোদজনক কথাটো হ’ল পেচাত দুয়োজনেই সাঁচি চোৰ ৷ দীৰ্ঘদিন ধৰি টীয়কৰ জগদুৱাৰ অঞ্চলৰ পৰা সাঁচি গছ চুৰি কাৰ্যৰে জড়িত আছিল তিনিওজন ৷ মঙলবাৰে চোৰ তিনিজনৰ লগতে চোৰকেইটাক সহযোগ কৰা দুজনক আটক কৰি ৰাইজে গতাই দিয়ে আৰক্ষীক ৷

টীয়কত চোৰে দিছে চোৰক নীতিশিক্ষা

উল্লেখযোগ্য যে,জগদুৱাৰ দলৈ গাঁৱৰ ৰঞ্জন বৰুৱা নামৰ ক্ষুদ্ৰ চাহ খেতিয়ক জনৰ চাহ বাগিছাৰ পৰা সোমবাৰে নিশা মূল্যৱান সাঁচি গছ চুৰ কৰিছিল ধৃত লোককেইজনে ৷ কিন্তু গছ কেইজোপা গাড়ীত উঠাবলৈ লওতেই ৰাইজে চোৰ কেইটাক হাতে লোটে কৰায়ত্ব কৰে যদিও আন তিনিটা চোৰ পলাবলৈ সক্ষম হয় ৷ চোৰকেইটাই ব্যৱহাৰ কৰা এখন ইণ্ডিগো চি এচ গাড়ী আৰু হুণ্ডাই চাইন মটৰ চাইকেল ভাঙি চূৰমাৰ কৰাৰ লগতে আন এখন টাটা মেজিক গাড়ী জব্দ কৰি আৰক্ষীক চমজাই দিয়ে ৰাইজে ৷ জাহিৰ,বাবলু আৰু ৰাজীৱ নামৰ কাকজান দেৱান আৰু আৰন্ধৰা গাঁৱৰ তিনিটা চোৰক ৰাইজে কৰায়ত্ব কৰে যদিও ঋতু,ৱাকিব আৰু মাইনা নামৰ আন তিনিটা চোৰে পলায়ন কৰিবলৈ সক্ষম হয়।

আৰু পঢ়ক- বিলাসীপাৰাত আৰক্ষীৰ অভিযানত জব্দ কয়লা ভর্তি ট্রাকসহ বহু সামগ্ৰী

Intro:Body:টীয়কৰ জগদুৱাৰত ৰাইজে কৰায়ত্ব কৰি তিনিটাকৈ সাঁচি চোৰক গটালে আৰক্ষীক/চুৰি কাৰ্যত ব্যৱহৃত গাড়ী মটৰচাইকেল লণ্ড ভণ্ড
TEOK:টীয়কত মঙ্গলবাৰে পুৱাই এক ব্যতিক্ৰমী দৃশ্যই আমোদ দিছে সকলোকে।এজনে আন এজনক পিতিছে । দিছে নীতিশিক্ষা ।কিন্তু কোন এই দুই ।জানি আপুনি আচৰিত হ'ব ।পেচাত দুয়োজন সাঁচি চোৰ।হয়, দীৰ্ঘদিন ধৰি টীয়কৰ জগদুৱাৰ অঞ্চলৰ পৰা সাঁচি গছ চুৰি কাৰ্যৰে জড়িত তিনিটা চোৰ সহ চোৰ কেইটাক সহযোগ কৰা দুজনক ৰাইজে হাতেলুটে ধৰি লপাথপা দি আৰক্ষীক চমজাই দিয়ে ।চোৰকেইটাই ব্যৱহাৰ কৰা এখন ইন্ডিগ' চি এচ গাড়ী আৰু হুন্ডাই চাইন মটৰ চাইকেল ভাঙি চুৰমাৰ কৰাৰ লগতে আন এখন টাটা মেজিক গাড়ী জব্দ কৰি আৰক্ষীক চমজাই দিয়ে ।উল্লেখযোগ্য যে জগদুৱাৰ দলৈ গাঁৱৰ ৰঞ্জন বৰুৱা নামৰ ক্ষুদ্ৰ চাহ খেতিয়ক জনৰ চাহ বাগিছাৰ পৰা চোৰ কেইটাই সোমবাৰে নিশা মূল্যবান সাঁচি গছ কাটি বিলাসী গাড়ীখনত উঠাবলৈ লওতেই ৰাইজে হাতে লুটে তিনিটা চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হয় যদিও আন তিনিটা চোৰ পলাবলৈ সক্ষম হয় । জাহিৰ,বাবলু আৰু ৰাজীৱ নামৰ কাকজান দেৱান আৰু আৰন্ধৰাগাঁৱৰ তিনিটা চোৰক ৰাইজে কৰায়ত্ব কৰে যদিও ঋতু,ৱাকিব আৰু মাইনা নামৰ আন তিনিটা চোৰ পলায়ন কৰে । ধৃত চোৰ কেইটাই জানিবলৈ দিয়া মতে স্হানীয় দুজন যুৱকেও তেওঁ লোকক সহযোগ কৰিছিল । দীৰ্ঘদিন ধৰি সাঁচি চুৰি কাৰ্য সংঘটিত কৰা বুলি স্বীকাৰ কৰিছে ধৃত চোৰ কেইটাই ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.