যোৰহাট, 12 জুলাই : যোৰহাটত সংঘটিত হৈছে এক চুৰিকাণ্ডৰ ঘটনা ৷ সোমবাৰে নিশা যোৰহাট নগৰৰ মাজ মজিয়াৰ গড় আলিৰ এখন দোকানত সংঘটিত হৈছে এই চুৰিকাণ্ড ৷ দোকানখনৰ পৰা চোৰে লুটি নিলে লক্ষাধিক টকাৰ সা-সামগ্ৰী ৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লেখিয়াকৈ যোৰহাটতো বৃদ্ধি পাইছে ক’ভিড মহামাৰী প্ৰকোপ ৷ যাৰ বাবে ৰাজ্য চৰকাৰ তথা প্ৰশাসনে যোৰহাটত সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে ৷ কিন্তু এই লক ডাউনৰ সুযোগ লৈছে চোৰে ৷
![Theft case in Jorhat at lockdown nights](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12442009_jrht.jpg)
সান্ধ্য আইন আৰু লক ডাউনৰ মাজতে চোৰে যোৰহাটৰ গড় আলিৰ দত্ত ব্ৰাডাৰ্চ কোঃ নামৰ দোকানখনত চলায় হাত চাফাইৰ অভিযান ৷
দোকানৰ স্বতাধিকাৰীয়ে জনোৱা অনুসৰি, দোকানৰ পৰা চোৰে প্ৰায় ডেৰ লাখ টকাৰ ছাতি আৰু বেগ চুৰ কৰি লৈ যায় ৷ যাৰ বাবে দোকানখনৰ গৰাকী সমিত দত্তই কাষ চাপিছে আৰক্ষীৰ ৷ এই চুৰিকাণ্ড সন্দৰ্ভত আৰক্ষীয়েও আৰম্ভ কৰিছে তদন্ত ৷ কিন্তু বৰ্তমানলৈকে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই এই চুৰিকাণ্ডৰ লগত জড়িত কোনো লোকক ৷
লগতে পঢ়ক: Viral video: ন বোৱাৰীৰ ভিডিঅ' ভাইৰেল কৰা যুৱকৰ বিৰুদ্ধে গোচৰ ৰুজু