যোৰহাট,১৭ মে': বৰ্তমান বায়ু প্ৰদূষণৰ অন্যতম কাৰক হিচাপে বিবেচিত হৈছে প্ৰকৃতি ধ্বংস কাৰ্য । এই ক্ষেত্ৰত জন সচেতনতাৰ অভাৱে জীৱকূললৈ বিপদ মাতি আনিছে । প্ৰকৃতিপ্ৰেমী সংস্থাবোৰে বিভিন্ন সময়ত মানুহক সজাগ কৰিবলৈ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।
অসমতো প্ৰকৃতি সুৰক্ষা সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ বাবে যোৰহাটৰ সামাজিক-সংস্কৃতিক অনুষ্ঠান 'দ্য ইভেণ্টে' "সজাগতা আৰু সৌন্দৰ্য বৰ্ধন" শীৰ্ষক কাৰ্যসূচী হাতত লৈছে । যোৰহাটৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদত কপৌফুলৰ লগতে আন অৰ্কিড ৰোপণৰ কৰি এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয় । ক'ভিড প্ৰ'টকল ৰক্ষা কৰি অনুষ্ঠানটিৰ আয়োজন কৰা হয় । "সজাগতা আৰু সৌন্দৰ্য বৰ্ধন" শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসম গৌৰৱ, বিশিষ্ট শব্দযন্ত্ৰী অমৃত প্ৰীতমে ।
![The event's plantation programme](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-jrt-17may-the-event-plantation-image-as10039_17052021072415_1705f_1621216455_1075.jpg)
এই অনুষ্ঠানটিত উপস্থিত থাকে বিশিষ্ট অধিবক্তা সুদীপ্ত নয়ন গোস্বামী, অধিবক্তা জোনালী, বিশিষ্ট সাংবাদিক উৎপল দাস, অমৰ বৰুৱা, শংকৰ পুথিঘৰৰ স্বত্বাধিকাৰ কেডাৰ কাশ্যপকে(অমু) ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷
প্ৰয়াত বিভূচৰণ বৰুৱা, নুৰুল হক, নগেন বৰা, মুক্তিযোদ্ধা দেৱ প্ৰসাদ দত্তকে ধৰি বিশিষ্ট ব্যক্তিসকলৰ সোঁৱৰণত অৰ্কিড ৰোপণ কৰাৰ লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়াই অহা অসমৰ বিশিষ্ট সাহিত্যিক ডঃ নগেন শইকীয়া, শিল্পী জুবিন গাৰ্গ, সাংবাদিক শংকব কৌশিক বৰুৱা, শিল্পী জয়ন্ত নাথ আদিকে ধৰি বিশিষ্ট ব্যক্তিসকললৈ সন্মান জনাই অৰ্কিড ৰোপণ কৰে ৷
উল্লেখ্য যে, ইয়াৰ পূৰ্বে যোৰহাট প্ৰেছ ক্লাব, যোৰহাট জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত, ছাই মন্দিৰ, শ্ৰীশ্ৰীমইনাপৰীয়া বৰ নামঘৰ, বৰভেটি নামঘৰ, আউনিআটী সত্ৰ, প্ৰয়াত বিভূচৰণ বৰুৱাৰ বাসগৃহ, বিশিষ্ট সাংবাদিক শংকব কৌশিক বৰুৱাৰ বাসগৃহকে আদি কৰি বিভিন্ন ঠাইত অৰ্কিড ৰোপণ কৰা হয় । লগতে যোৰহাটৰ দুখন অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান জগন্নাথ বৰুৱা মহাবিদ্যালয় আৰু দেৱীচৰণ বৰুৱা মহাবিদ্যালয়তো অৰ্কিড ৰোপণৰ পৰিকল্পনা কৰা হৈছে বুলি জানিব পৰা গৈছে ।
বৰ্তমান চাৰিওফালে কৰ'ণা মহামাৰীয়ে সৃষ্টি কৰা আতংকময় পৰিৱেশৰ মাজতো দ্য ইভেণ্টৰ এনেধৰণৰ গঠনমূলক কামে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে মনবোৰ সজীৱ কৰি তুলিবলৈ সক্ষম হৈছে । উল্লেখ্য যে, বিভিন্ন সময়ত বৃক্ষৰোপণ, অসমীয়া ছবিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত বিশেষ সজাগতা, বানৰ সময়ত আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়োৱা আদিকে ধৰি বিভিন্ন জন-কল্যাণমূলক কামেৰে সমাজত এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছে দ্য ইভেণ্টে ।