মৰিয়নী,22 অক্টোবৰঃ আলু পিয়াঁজকে আদি কৰি নিতৌ ব্যৱহৃত সামগ্ৰীৰ আকাশলংঘী মূল্য নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বৰ্তমানলৈকে ৰাজ্যৰ যোগান বিভাগে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিতত অসম সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ মৰিয়নী আঞ্চলিক সমিতিয়ে মংগলবাৰে ইয়াৰ প্ৰতিবাদত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ পুত্তলিকা দাহ কৰে । মৰিয়নী নগৰৰ থানা তিনিআলিত প্ৰতিবাদকাৰীয়ে যোগান মন্ত্ৰী মুর্দাবাদ, সৰ্বানন্দ সোণোৱাল মুর্দাবাদ, অত্যাৱশ্যকীয় সামগ্ৰী মূল্য ৰোধ কৰক,অসম চৰকাৰ হায় হায়, পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰক আদি শ্লগানেৰে মৰিয়নীৰ আকাশ- বতাহ কঁপাই তোলে । প্ৰায় অৰ্ধশতাধিক অসম সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীয়ে অংশ লোৱা এই প্ৰতিবাদী কার্যসূচীৰ জৰিয়তে সংগঠনটোৱে চৰকাৰক সকীয়াই দিয়ে যে যদিহে অনাগত দিনসমূহত অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত চৰকাৰে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে তেন্তে সংগটনটোৱে অধিক কঠোৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব ৷
আৰু পঢ়ক