টীয়ক,20অক্টোবৰ: মংগলবাৰে টীয়কত এগৰাকী মহিলাই 'টাইগাৰ-৩৭' নামেৰে পুৰুষ-মহিলা উভয়ৰ বাবে এক অত্যাধুনিক সা-সুবিধাযুক্ত শৰীৰ চৰ্চা কেন্দ্ৰ মুকলি কৰা হয় ৷ মহিলা গৰাকী পেচাত এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়ত্ৰী,মহিলা গৰাকীৰ নাম জ্যোতি বৰা ৷ টীয়কৰ জগদুৱাৰৰ এই মহিলাগৰাকীয়ে কণ-কণ শিশু সকলক জীৱনৰ আদিপাঠ তথা মূল্যবোধৰ শিক্ষা প্ৰদানৰ সমান্তৰালকৈ নৱ প্ৰজন্মই নিজৰ শৰীৰ যাতে নিৰোগী কৰি ৰাখিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি শৰীৰ চৰ্চা কেন্দ্ৰটো মুকলি কৰে । এই কেন্দ্ৰত আইৰণ তথা মাল্টি দুই ধৰণৰে শৰীৰ চৰ্চা কৰিব পৰা ব্যৱস্থা আছে ৷ ইয়াৰ লগতে সংগীত চৰ্চা, যোগাসন আৰু বিশেষকৈ মহিলা সকলৰ বাবে আত্ম প্ৰতিৰক্ষা প্ৰশিক্ষণৰো ব্যৱস্থা কৰা হৈছে বুলি মহিলা গৰাকীয়ে জানিবলৈ দিয়ে ৷ জ্যোতি বৰাৰ এই কাৰ্যই এতিয়া অঞ্চলটোৰ আন বহু মহিলাক স্বাৱলম্বী হোৱাৰ এক নতুন পথ দেখুৱাইছে ৷ মহিলা গৰাকীৰ কাৰ্যত উৎফুল্লিত টীয়কবাসী ৷
উল্লেখযোগ্য যে, এই শুভাৰম্ভণি অনুষ্ঠানত জ্যোতি বৰাৰ স্ব-ৰচিত 'স্বপ্ন সেউজ উপত্যকা' নামেৰে এখনি গীতৰ সংকলনো উন্মোচন কৰা হয় । এই অনুষ্ঠানত অঞ্চলটোৰ বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ৷
অন্য এক খবৰৰ বাবে:দলগাঁৱত ড্ৰাগছসহ আটক এজন লোক