ETV Bharat / state

বহি:ৰাজ্যত অধ্যয়নৰত চাৰি ছাত্ৰৰ ব্যতিক্ৰমী প্ৰয়াস - উত্তৰ-পূৰ্বাঞ্চলৰ মূল্যবান সম্পদ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ মূল্যবান সম্পদসমূহৰ বিষয়ে বহি:ৰাজ্যত অধ্যয়নৰত চাৰি ছাত্ৰই আভাস দিয়াৰ প্ৰয়াস কৰিছে ৷ ছাত্ৰ কেইজনৰ ঘৰ যোৰহাট আৰু শিৱসাগৰ জিলাত ৷ ছাত্ৰ কেইজন ক্ৰমে নৌচাদ আহমেদ,জয়ন্ত চুতীয়া,ৰাজা শ্ৰীবাস্তৱ আৰু সাৰংগপানি মহন্ত ৷

teok youth creativity
বহি:ৰাজ্যত অধ্যয়নৰত চাৰি ছাত্ৰৰ ব্যতিক্ৰমী প্ৰয়াস
author img

By

Published : Dec 27, 2019, 3:31 PM IST

টিয়ক, 27 ডিচেম্বৰ : বহি:ৰাজ্যত অধ্যয়নৰত যোৰহাট আৰু শিৱসাগৰ জিলাৰ চাৰি ছাত্ৰই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ মূল্যৱান সম্পদসমূহৰ বিষয়ে আভাস দিয়াৰ প্ৰয়াস কৰিছে ৷ সমগ্ৰ দেশৰ ছাত্ৰ সমাজে জানিব পৰাকৈ উত্তৰ পূৰ্বাঞ্চলৰ মূল্যবান সম্পদ সমূহক শ্ৰেণীকোঠাত ব্যৱহৃত নোটবহীত উপস্থাপন কৰিছে। নৌচাদ আহমেদ,জয়ন্ত চুতীয়া, ৰাজা শ্ৰীবাস্তৱ আৰু সাৰংগপাণি মহন্ত নামৰ ছাত্ৰ কেইজনৰ এই ব্যতিক্ৰমী প্ৰয়াসে সমগ্ৰ ভাৰতবৰ্ষৰ ছাত্ৰ-ছাত্ৰীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বিষয়ে জ্ঞান আহৰণ কৰিব পাৰিব।

বহি:ৰাজ্যত অধ্যয়নৰত চাৰি ছাত্ৰৰ ব্যতিক্ৰমী প্ৰয়াস

উল্লেখ্য যে নৌচাদ আহমেদে "মুক্ত আকাশ" নামৰ এটা এপচৰ জৰিয়তে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ-ছাত্ৰী সকলে যাতে সহজতে টেষ্ট পেপাৰ সমূহ লাভ কৰিব পাৰে তাৰো ব্যৱস্থা কৰিছিল । অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কৃষ্টি-সংস্কৃতি তথা প্ৰাকৃতিক সৌন্দৰ্য বিশ্ববাসীৰ মাজত দাঙি ধৰাই প্ৰধান উদ্দেশ্য বুলি মন্তব্য কৰে যুৱক কেইজনে ৷ নোটবহী বিশ্বৰ সকলো প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীয়ে ব্যৱহাৰ কৰিব পৰাকৈ অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমতে উপলব্ধ হ'ব বুলি মন্তব্য কৰে ।

আৰু পঢ়ক : অখিল গগৈৰ মুক্তিৰ দাবীত উত্তাল টীয়ক

Intro:Body:বহিৰাজ্যত অধ্যয়নৰত চাৰি ছাত্রৰ ব্যতিক্ৰমী প্ৰয়াস
TEOK:অসমৰ পৰ্যটন বিভাগে পৰ্যটন উদ্যোগটোৰ বিকাশৰ বাবে কোটি কোটি টকা খৰচ কৰি ব্ৰেণ্ড এম্বেচাদৰ নিযুক্তি দিয়া, বিদেশ ভ্ৰমণৰ নামত ৰাজ ভড়ালৰ ধন খৰচ কৰিও উদ্যোগটোৰ বিকাশত কি প্ৰভাৱ পৰিল সেইয়া সৰ্বজনবিদিত । চৰকাৰী ধনৰ শৰাধ পাতিও ৰাজ্যৰ প্ৰচুৰ সম্ভাবনাময় সম্পদসমূহৰ প্ৰচাৰ আজি পৰ্যন্ত সঠিক ভাৱে নহ'ল । কিন্তু ইয়াৰ বিপৰীতে বহিৰাজ্যত অধ্যয়নৰত যোৰহাট আৰু শিৱসাগৰ জিলাৰ চাৰি অধ্যয়নৰত ছাত্ৰই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সম্পদসমূহৰ বিষয়ে যাতে সমগ্র দেশৰ ছাত্ৰ সমাজে জানিব পাৰে তাৰ বাবে এই সম্পদ সমূহক লৈ শ্ৰেণীকোঠাত ব্যৱহৃত নোটবহীত উপস্থাপন কৰাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ মূল্যবান সমলসমূহৰ বিষয়ে আভাস দিয়াৰ প্ৰয়াস কৰিছে ।নৌচাদ আহমেদ,জয়ন্ত চুতীয়া, ৰাজা শ্ৰীবাস্তৱ আৰু সাৰংগপানি মহন্ত নামৰ ছাত্ৰ কেইজনৰ এই প্ৰয়াসে সমগ্র ভাৰতবৰ্ষতে যে অসম তথা সমগ্র উত্তৰ পূৰ্বাঞ্চলৰ বিষয়ে জ্ঞান আহৰণ কৰিবলৈ সুবিধা হ'ব সেয়া নিশ্চিত ।উল্লেখযোগ্য যে নৌচাদ আহমেদে ইতিপূৰ্বে মুক্ত আকাশ নামৰ এটা এপচৰ যোগেদি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লগীয়া ছাত্ৰ ছাত্ৰী সকলে যাতে সহজতে টেষ্ট পেপাৰ সমূহ লাভ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছিল।অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কৃষ্টি-সংস্কৃতি তথা প্ৰাকৃতিক সৌন্দৰ্য বিশ্ববাসীৰ মাজত চিনাকী কৰাতোৱে এইসকল যুৱপ্ৰজন্মৰ প্ৰধান উদ্দেশ্য বুলি মন্তব্য কৰিছে আৰু এই বহীবোৰ বিশ্বৰ সকলো প্ৰান্তৰ ছাত্ৰ ছাত্ৰীয়ে ব্যৱহাৰ কৰিবলৈ অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমতে উপলব্ধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.