টীয়ক,২৭ ফেব্ৰুৱাৰী: যোৰহাট জিলাৰ টীয়কত দিবা-নৈশ ভলীবল প্ৰতিযোগিতা । অন্যতম অগ্ৰণী সামাজিক অনুষ্ঠান মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগত যোৰহাট জিলা ভিত্তিত শুকুৰবাৰে অনুষ্ঠিত কৰা হয় দিবা-নৈশ ভলীবল প্ৰতিযোগিতা । টীয়কৰ পহুচুঙী গাঁৱৰ নামঘৰ প্ৰাংগণত এদিনীয়াকৈ প্ৰাইজমানী গ্ৰাম্য ভলীবল প্ৰতিযোগিতাৰ আয়োজন কৰা হয় । বিজয়ী দললৈ মুঠ ১০,০০০ টকাৰ প্ৰাইজমানী আগবঢ়োৱা হয় ।
অবিভক্ত শিৱসাগৰ জিলা ভিত্তিত আয়োজিত এই প্ৰতিযোগিতাখনিত যোৰহাট, শিৱসাগৰ, মাজুলী জিলাৰ কেইবাটাও আগশাৰীৰ দলে অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাত । গ্ৰাম্যাঞ্চলৰ প্ৰতিভাৱান খেলুৱৈসকলক আগুৱাই নিয়াৰ লগতে নৱ প্ৰজন্মৰ মাজত ক্ৰীড়াৰ পৰিৱেশ গঢ়ি তুলি শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশেৰে ভাতৃত্ববোধৰ সমন্বয়ৰ সৃষ্টিৰ উদ্দেশ্যেৰেই এই প্ৰতিযোগিতাখনি আয়োজন কৰা হৈছে । উক্ত উদ্দেশ্যৰ ভিত্তিত বিগত বছৰৰ দৰে এইবাৰো প্ৰাইজমানী আয়োজন কৰা হৈছে দিবা-নৈশ ভলীবল প্ৰতিযোগিতা । অনাগত দিনটো এই ধাৰা অব্যাহত ৰাখিব বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছে বুলি মন্তব্য কৰে উদ্যোক্তাসকলে ।
লগতে পঢ়ক: ঢেকিয়াজুলিৰ লোমহৰ্ষক হত্যাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ