টীয়ক,4 অক্টোবৰঃ শনিবাৰে টীয়কত উপস্থিত হয়গৈ অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত নতুনকৈ জন্ম লোৱা ৰাইজৰ দলৰ মুখ্য আহ্বায়ককে ধৰি ছয়গৰাকীকৈ আহ্বায়ক। টীয়কৰ অসম ৰাজ্যিক পৰিবহন নিগম আস্থানত উপস্থিত হোৱাৰ লগে লগেই ঢোল,খোল, আটচ-বাজিৰে আহ্বায়ক মণ্ডলীক উষ্ম আদৰণি জনালে প্ৰায় দুই শতাধিক স্থানীয় ৰাইজ তথা সমৰ্থকে।
ৰাইজৰ দলৰ মুখ্য আহ্বায়ক মহেন্দ্ৰ দিহিঙীয়াকে আদি কৰি আহ্বায়ক মনোজ গগৈ,প্ৰসুন ৰাজকোঁৱৰ,অংকুৰ শইকীয়া,পদ্মকান্ত দাস,দাদুল আলি আৰু মনদ্বীপ মোহন উপস্থিত আছিল এই দলটোত ৷ আহ্বায়ক মণ্ডলীয়ে দলৰ নীতি-আদৰ্শ তথা আগন্তুক দিনৰ কৰ্মৰাজিৰ ওপৰত উপস্থিত ৰাইজৰ সন্মুখত মন্তব্য আগবঢ়াই ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক শক্তি সমূহক পৰাভূত কৰি অসম তথা অসমীয়াৰ স্বাৰ্থত সকলোকে উলাই আহি ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিবলৈ জনালে আহ্বান।
উল্লেখযোগ্য যে, দলৰ এগৰাকী আহ্বায়ক তথা যুৱনেতা মনোজ গগৈকে প্ৰমুখ্য কৰি বহুসংখ্যক সমৰ্থকে কৃষক নেতা অখিল গগৈক টীয়ক সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব প্ৰদানৰ বাবে ৰাইজৰ দলৰ আহ্বায়ক মণ্ডলীক আহ্বান জনোৱা পৰিলক্ষিত হয়।