যোৰহাট, 31 আগষ্টঃ টীয়ক চাহ বাগিচাৰ চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি ৷ ৰোগীৰ মৃত্যুকলৈ শনিবাৰে বিয়লি বাগানৰ চিকিৎসকক হত্যা । সমৰা মাঝি নামৰ ৰোগী গৰাকীৰ মৃত্যুকলৈ ৰোগীৰ আত্মীয়ই চিকিৎসক, পৰিচালক,কল্যাণ বিষয়াক প্ৰহাৰ কৰে । উত্তেজিত ৰাইজৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হোৱা চিকিৎসক ডাঃ দেবেন দত্তৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ নিয়াৰ পথত মৃত্যু হয় ৷
ৰোগীৰ চিকিৎসাৰ হেমাহিৰ অভিযোগ তুলি বাগানৰ কৰ্মচাৰীয়ে প্ৰহাৰ কৰিছিল চিকিৎসাকজনক ৷ চিকিৎসালয়খনত ডাক্তৰ নাৰ্চ সময়মতে উপস্থিত নথকাৰ বাবেই ৩৫ বছৰীয়া যুৱকজনে মৃত্যুক সাৱতি ল'ব লগা হয় বুলি অভিযোগ উত্থাপন কৰি ক্ষোভিত ৰাইজে চিকিৎসালয়খন লণ্ডভণ্ড কৰাৰ লগতে চিকিৎসকজনক প্ৰহাৰ কৰে । প্ৰায় 500 শ্ৰমিকে প্ৰহাৰ কৰিছিল চিকিৎসকজনক ৷ ঘটনাস্থলীত দণ্ডাধীশ, টীয়ক আৰক্ষী, অৰ্ধসামৰিক বাহিনী উপস্থিত হৈ প্ৰায় দুঘন্টাৰ অন্তত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।