টীয়ক, 5 জুন : নগৰ-চহৰৰ পাচতে এতিয়া গ্ৰামাঞ্চলত কৰ’ণা (Corona) ৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । যোৰহাট জিলাৰ টীয়কত শেহতীয়াকৈ ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা ঘটনাই সচেতন মহলৰ চৰ্চাৰ বিষয় হৈ পৰিছে ।
উল্লেখ্য যে, বিগত দুটা দিনত টীয়কৰ কাৱৈমাৰী অঞ্চলত দুজন ক’ভিড (Covid 19) আক্ৰান্তৰ মৃত্যু হোৱাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ মৃত লোক দুজনৰ এজন বলমা চাওদাং গাঁৱৰ আৰু আনজন টীয়ক নগৰৰ বলমা তিনিআলিৰ সমীপৰ বুলি জানিব পৰা গৈছে ।
ইপিনে টীয়কৰ বিভিন্ন স্বাস্থ্য কেন্দ্ৰত কৰা ক’ভিড (Covid 19) পৰীক্ষাত নিতৌ গড়ে ১৫/২০ জনকৈ লোক ক’ভিড (Covid 19)ত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে । টীয়ক চাহ বাগিচাত এই পৰ্যন্ত প্ৰায় ৪০ গৰাকী শ্ৰমিক ক’ভিড (Covid 19)ত আক্ৰান্ত হৈছে ।
উল্লেখ্য যে, ইয়াৰে ক’ভিড (Covid 19) ত আক্ৰান্ত ১০ গৰাকী মহিলা আৰু ৪ গৰাকী পুৰুষ শ্ৰমিকক টীয়ক চাহ বাগিচা (teok tea garden)ৰ ক’ভিড কেয়াৰ চেন্টাৰ (covid care centre)ত ৰখা লগতে ৬ গৰাকী ক’ভিড ৰোগীক হোম কোৱাৰেণ্টাইন (home quarantine) ত আছে বুলি স্বাস্থ্য বিভাগে জানিব দিয়ে ।
লগতে পঢ়ক : ডিব্ৰুগড়ৰ উপায়ুক্তৰ কাৰ্যালয়ত মন্ত্ৰী অতুল বৰাৰ বৈঠক