ETV Bharat / state

ব্ৰহ্মপুত্ৰতো চলিব গংগা 'এক্চন প্লেন'

author img

By

Published : Jun 19, 2019, 2:51 PM IST

উক্ত প্ৰকল্প প্ৰস্তুতকৰণ সন্দৰ্ভত বুধবাৰে কেইবাগৰাকী অধ্যাপক, ব্ৰহ্মপুত্ৰ বৰ্ড, অভিজ্ঞ অৱসৰপ্ৰাপ্ত সংশ্লিষ্ট কামৰ প্ৰচুৰ অভিজ্ঞতা থকা ব্যক্তিৰ উপস্থিতিত উক্ত প্ৰকল্প প্ৰস্তুত সন্দৰ্ভত এখন কৰ্মশালাৰ অনুষ্ঠিত কৰা হয় ৷ কৰ্মশালাখনৰ পৰা পোৱা তথ্য অনুসৰি ব্ৰহ্মপুত্ৰ নদী সংৰক্ষিত কৰাৰ বাবে প্ৰস্তুত হৈছে ডি পি আৰ ৷

গংগা পৰিষ্কাৰ কৰা একচন প্লেনৰ আৰ্হিত পৰিষ্কাৰ কৰা হ'ব ব্ৰহ্মপুত্ৰ

টীয়ক, 19 জুনঃ ডেৰাডুনস্থিত ভাৰতীয় বন গৱেষণা আৰু শিক্ষা প্ৰতিষ্ঠানে গংগা নদী পৰিস্কাৰৰ বাবে প্ৰস্তুত কৰা এক্চন প্লেনৰ আৰ্হিত পৰিস্কাৰ কৰা হ'ব ব্ৰহ্মপুত্ৰ ৷ ইয়াৰ বাবে যোৰহাট জিলাৰ চটাইস্থিত বৰ্ষাৰণ্য বন গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত ইতিমধ্যে আৰম্ভ হৈছে প্ৰাৰম্ভিক কাম-কাজ ৷ উল্লেখযোগ্য যে ভাৰত চৰকাৰৰ বন,পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ে বনানিকৰণৰ যোগেদি ভাৰতবৰ্ষৰ ৯ খন নদীক সামৰি যি প্ৰকল্প প্ৰস্তুতকৰাৰ নিৰ্দেশ দিছে সেই একেটা প্ৰকল্পত অন্তৰ্ভূক্ত কৰা হৈছে ব্ৰহ্মপুত্ৰ ৷

গংগা পৰিষ্কাৰ কৰা একচন প্লেনৰ আৰ্হিত পৰিষ্কাৰ কৰা হ'ব ব্ৰহ্মপুত্ৰ

উক্ত প্ৰকল্প প্ৰস্তুতকৰণ সন্দৰ্ভত বুধবাৰে কেবাগৰাকী অধ্যাপক, ব্ৰহ্মপুত্ৰ বৰ্ড, অভিজ্ঞ অৱসৰপ্ৰাপ্ত সংশ্লিষ্ট কামৰ প্ৰচুৰ অভিজ্ঞতা থকা ব্যক্তিৰ উপস্থিতিত উক্ত প্ৰকল্প প্ৰস্তুত সন্দৰ্ভত এখন কৰ্মশালাৰ অনুষ্ঠিত কৰা হয় ৷ কৰ্মশালাখনৰ পৰা পোৱা তথ্য অনুসৰি ব্ৰহ্মপুত্ৰ নদী সংৰক্ষিত কৰাৰ বাবে প্ৰস্তুত হৈছে ডি পি আৰ ৷ কেন্দ্ৰীয় চৰকাৰৰ বন,পৰিৱেশ আৰু জলবায়ু মন্ত্ৰনালয়ৰ নিৰ্দেশত পৰিকল্পনা গ্ৰহণ কৰা এই প্ৰকল্প ফলপ্ৰসু হোৱাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কি সহায় কৰে সেয়া লক্ষনীয় হ'ব৷

Intro:Body:ব্ৰহ্মপুত্ৰ নদী সুসংৰক্ষিত কৰাৰ বাবে ডি পি আৰ প্ৰস্তুত/ৰাজ্য চৰকাৰৰ ভূমিকা হ'ব লক্ষ্যনীয়
TEOK: ভাৰত চৰকাৰৰ জলশক্তি মন্ত্ৰনালয়ৰ নিৰ্দেশত ডেৰাডুনস্হিত ভাৰতীয় বন গৱেষণা আৰু শিক্ষা প্ৰতিষ্ঠানে গংগা নদী পৰিস্কাৰৰ বাবে প্ৰস্তুত কৰা একচন প্লেনৰ আৰ্হিত উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম গুৰুত্বপূৰ্ণ ব্ৰহ্মপুত্ৰ নদীখনো সুসংৰক্ষিত কৰাৰ লক্ষ্যৰে এক আঁচনি প্ৰস্তুত কৰাৰ বাবে যোৰহাট জিলাৰ চটাইস্হিত বৰ্ষাৰণ্য বন গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত প্ৰাৰম্ভিক কাম কাজ ইতিমধ্যে আৰম্ভ হৈছে। উল্লেখযোগ্য যে ভাৰত চৰকাৰৰ বন,পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰনালয়ে বনানীকৰণৰ যোগেদি ভাৰতবৰ্ষৰ ৯ খন নদীক সামৰি যি বিস্তৃত প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত( detail project report) কৰাৰ নিৰ্দেশ দিছে সেই সমূহৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অন্যতম প্ৰধান নদী ব্ৰহ্মপুত্ৰখনো অন্তৰ্ভুক্ত কৰা হৈছে । অহা ছয়/সাত মাহৰ ভিতৰত এই সন্দৰ্ভত প্ৰতিবেদন প্ৰস্তুত কৰি সংশ্লিষ্ট মন্ত্ৰনালয়ত জমা দিয়াৰ উদ্দেশ্যে বৰ্ষাৰণ্য বন গৱেষণা প্ৰতিস্হানৰ উদ্যোগত কেন্দ্ৰ চৰকাৰ,ৰাজ্য চৰকাৰৰ অধীনস্থ উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ বন বিভাগৰ বিষয়া,গুৱাহাটীৰ আই আই টিৰ বিশেষজ্ঞ, গুৱাহাটী,ডিব্ৰুগড় আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ কেইবাগৰাকী অধ্যাপক,ব্ৰহ্মপুত্ৰ বৰ্ড, কেইবাটাও আগশাৰীৰ বেচৰকাৰী সংস্থাৰ প্ৰতিনিধি,অভিজ্ঞ অৱসৰপ্ৰাপ্ত সংশ্লিষ্ট কামৰ প্ৰচুৰ অভিজ্ঞতা থকা ব্যক্তিৰ উপস্থিতিত বিস্তৃত প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত সন্দৰ্ভত এক কৰ্মশালাৰ অনুষ্ঠিত হয়।উল্লেখযোগ্য যে নমামী গংগাৰ আৰ্হিত নমামী ব্ৰহ্মপুত্ৰৰ দৰে ব্যয়বহুল উৎসৱৰ আয়োজন কৰি সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখন সমালোচনাৰ সন্মুখীন হৈছে ।ব্ৰহ্মপুত্ৰৰ খননকে ধৰি নদীখনক জলপথ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনাৰ কথাও চৰকাৰখনে ঘোষণা কৰিছিল যদিও সেই ঘোষণা চৰকাৰী ফাইলতে আবদ্ধ হৈ থাকিল।তদুপৰি নেডাৰলেণ্ডৰ এটা বিশেষজ্ঞ দলেও ঘোষণা কৰিছিল ব্ৰহ্মপুত্ৰ নদীৰ পানী প্ৰদূষণ মুক্ত কৰাৰ আঁচনিৰ কথা ।কিন্তু এইক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সদ্দিচ্ছাৰ অভাৱত এই কাম হৈ নুঠিল ।শেহতীয়াকৈ কেন্দ্ৰ চৰকাৰৰ বন,পৰিৱেশ আৰু জলবায়ু মন্ত্ৰনালয়ৰ নিৰ্দেশত ভাৰতৰ অনান্য ৯ খন নদীৰ লগতে অসমৰ ব্ৰহ্মপুত্ৰ নদীখনকো প্ৰদূষণ মুক্ত কৰি সুসংৰক্ষিত কৰাৰ বাবে যি পৰিকল্পনা গ্ৰহণ কৰিছে সেই পৰিকল্পনা ফলপ্ৰসু কৰি তোলাত ৰাজ্য চৰকাৰে কি ভূমিকা গ্ৰহণ কৰিব লাগিব সেয়া সময়ত লক্ষ্যণীয় হ'ব।
Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.