ETV Bharat / state

টীয়কৰ ১২৫ নং ভকত গাঁও প্ৰাথমিক বিদ্যালয়ত শতবৰ্ষ অনুষ্ঠান - টীয়কৰ ১২৫ নং ভকত গাঁও প্ৰাথমিক বিদ্যালয়ত শতবৰ্ষ অনুষ্ঠান

১৯১৯ চনৰ ২৭ ডিচেম্বৰত টীয়কত প্ৰতিষ্ঠা হোৱা ১২৫ নং ভকত গাঁও প্ৰাথমিক বিদ্যালয়ে আজি গৰকিলে শতবৰ্ষ ৷ যাৰ বাবে এক অনুষ্ঠানৰ আয়োজন কৰা হয় বিদ্যালয়খনত ৷ অনুষ্ঠানত উপস্থিত থাকে শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে বহু গণ্য-মান্য ব্যক্তি ৷

teok-school-golden-jubilee
টীয়কৰ ১২৫ নং ভকত গাঁও প্ৰাথমিক বিদ্যালয়ত শতবৰ্ষ অনুষ্ঠান
author img

By

Published : Dec 26, 2020, 5:09 PM IST

Updated : Dec 26, 2020, 8:05 PM IST

টীয়ক,26ডিচেম্বৰ: ভাৰত স্বাধীন হোৱাৰ পূৰ্বে ১৯১৯ চনৰ ২৭ ডিচেম্বৰত টীয়কৰ ঐতিহাসিক জাঁজীমুখৰ ভকত গাঁৱত এচাম সমাজ হিতৈষী ব্যক্তিৰ অপ্ৰাণ চেষ্টাত প্ৰতিষ্ঠা হৈছিল ১২৫ নং ভকত গাঁও প্ৰাথমিক বিদ্যালয় । আজি এই বিদ্যালয়খনে শতবৰ্ষ গৰকিলে । যাৰ বাবে বিদ্যালয় খনত আয়োজন কৰা হয় এক অনুষ্ঠানৰ ৷

বিদ্যালয়খনৰ শতবৰ্ষৰ সামৰণি অনুষ্ঠানটি আজি দিনযোৰা কাৰ্যসূচীৰে বিদ্যালয়ৰ সমীপতে আয়োজন কৰা হয় । পুৱা পৰিৱেশ নিষ্কাশন, বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণ, পতাকা উত্তোলনৰ পাছত এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷ শোভাযাত্ৰাৰ পাছতে দুপৰীয়া এখনি মুকলি সভাৰো আয়োজন কৰা হয় ।

টীয়কৰ ১২৫ নং ভকত গাঁও প্ৰাথমিক বিদ্যালয়ত শতবৰ্ষ অনুষ্ঠান

উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি হেমধৰ কলিতাৰ সভাপতিত্বত আয়োজিত এই সভাত বিশিষ্ট অতিথি হিচাপে মধ্য যোৰহাট শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক বিষয়া অৱনী গগৈ, মুখ্য অতিথি ৰূপে জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক বিৰিঞ্চি কুমাৰ বৰাকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত যুৱ অধিবক্তা অনুপ কুমাৰ দত্তই বিদ্যালয়ৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰে । উক্ত কাৰ্যসূচীত বৃহত্তৰ জাঁজীমুখৰ ৰাইজ, বৰ্তমান তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, অভিভাৱক শুভাকাংক্ষীয়ে সহযোগিতা আগবঢ়ায় ।

অন্য এক খবৰৰ বাবে: হোজাইত পিষ্টল সহ আটক দুই কুখ্যাত অপৰাধী

Last Updated : Dec 26, 2020, 8:05 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.