ETV Bharat / state

মঙলবাৰৰ পৰা টীয়কত পাঠদান বন্ধৰ ঘোষণা - জিলা উপায়ুক্ত

যোৰহাটত মঙলবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈকে পাঠদান বন্ধক কেন্দ্ৰ কৰি টীয়কৰ বিদ্যালয়সমূহত আহুকলীয়া পৰিস্থিতি সৃষ্টি হৈছে ৷

মঙলবাৰৰ পৰা টীয়কত ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈকে পাঠদান বন্ধৰ ঘোষণা

author img

By

Published : Apr 27, 2021, 1:20 PM IST

টীয়ক,27 এপ্ৰিল: সমগ্ৰ দেশতে কৰ’ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত দেশৰ লগতে ৰাজ্যতো এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটতো কৰ’ণা আক্ৰান্তৰ সংখ্যা বঢ়াত ৰাজ্য চৰকাৰৰ অধিসূচনা মৰ্মে যোৰহাট জিলাত মঙলবাৰৰে পৰা কাৰ্যকৰী হোৱাকৈ ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে পাঠদান বন্ধ ঘোষণা কৰে ৷ এই ঘোষণাক কেন্দ্ৰ কৰি টীয়কৰ বিদ্যালয়সমূহত এক আহুকলীয়া পৰিস্থিতিৰ সৃষ্টি হয় ।

সোমবাৰে নিশা জিলা উপায়ুক্তৰ এই সম্পৰ্কীয় নিৰ্দেশনাত বিদ্যালয় প্ৰধান সকলে ছাত্ৰ-ছাত্ৰীসকলক নিশাই তেওঁলোকৰ হোৱাটছ এপ গ্ৰুপত অৱগত কৰিছিল ৷ যদিও বহু ছাত্ৰ-ছাত্ৰীৰ এনৰয়ড ম'বাইল নথকাৰ বাবে এই নিৰ্দেশনাৰ বিষয়ে অৱগত হোৱা নাছিল ৷ সেয়েহে মঙলবাৰে পুৱা এইসকল ছাত্ৰ-ছাত্ৰী বিদ্যালয়ত আহি ওভতি যাবলগীয়া হয় ।

মঙলবাৰৰ পৰা টীয়কত ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈকে পাঠদান বন্ধৰ ঘোষণা

উল্লেখ্য যে, যোৰহাটৰ এচাম সচেতন অভিভাৱকে বাৰম্বাৰ এখনৰ পাছত আন এখন নিৰ্দেশনা জাৰি কৰাতকৈ ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণ নোহোৱা পৰ্যন্ত বিদ্যালয়সমূহৰ পাঠদান বন্ধ কৰি দিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক : মঙলবাৰৰ পৰা কামৰূপ(ম)ত স্কুল-কলেজ, হোষ্টেল, ক'চিং চেন্টাৰৰ বন্ধ ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.