ETV Bharat / state

টীয়কত আছুৰ উত্তাল প্ৰতিবাদ - টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ বিৰোধিতাৰে টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ । অসম চুক্তিৰ ৬নং দফা অনতি পলমে কাৰ্যকৰী কৰা, কা বাতিল কৰা, EIA বাতিলৰ দাবীৰে এই প্ৰতিবাদ ।

টীয়কত আছুৰ উত্তাল প্ৰতিবাদ
টীয়কত আছুৰ উত্তাল প্ৰতিবাদ
author img

By

Published : Jan 24, 2021, 2:23 PM IST

যোৰহাট, ২৪ জানুৱাৰী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ বিৰোধিতা কৰি ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তুলিছিল সদৌ অসম ছাত্ৰ সন্থাই ৷ দেওবাৰেও অনুৰূপভাৱে আন্দোলন, অমিত শ্বাহৰ অসম ভ্ৰমণক কেন্দ্ৰ কৰি বিক্ষোভ প্ৰদৰ্শন কৰিলে ছাত্ৰ সংগঠনটোৱে ৷ যোৰহাট জিলাৰ টীয়কৰ জগদুৱাৰ তিনিআলিত ৰাষ্ট্ৰীয় ঘাইপথত ৰূপায়ণ কৰিলে প্ৰতিবাদী কাৰ্যসূচী ৷ সদৌ অসম ছাত্ৰ সন্থা আহ্বান মৰ্মে টীয়ক আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ৰাজপথত দাহ কৰিলে নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ প্ৰতিলিপি ।

বিশেষকৈ অসম চুক্তিৰ ৬নং দফা অনতি পলমে কাৰ্যকৰী কৰা, কা বাতিল কৰা, EIA বাতিলৰ দাবী জনায় । প্ৰতিবাদকাৰীসকলে কোনো কাৰণতে অসমীয়াই কা নামানে তথা চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে টীয়কৰ ৰাজপথ উত্তাল কৰি তোলে ।

লগতে পঢ়ক:ৰাজ্য চৰকাৰে লাইকা-দধিয়াবাসীৰ অৱস্থাৰ বিষয়ে অৱগত নকৰিলে প্ৰধানমন্ত্ৰীক !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.