টিয়ক,8 মে' ঃ লক্ ডাউনৰ ফলত টীয়কৰ বৃক্ক ৰোগত আক্ৰান্ত এজন উদীয়মান যুৱক সঞ্জয় কাকতিয়ে পোৱা নাই উপযুক্ত চিকিৎসা ৷ ফলত এতিয়া দিনক দিনে স্বাস্থ্যৰ অৱনতি ঘটিছে যুৱকজনৰ । জগদুৱাৰ নতুন গাঁৱৰ মাইনা কাকতি আৰু জ্যোতি কাকতিৰ ১৯ বছৰীয়া পুত্ৰ সঞ্জয় বৰ্তমান শয্যাগত ৷ বিগত পাঁচ মাহৰ পৰা বৃক্কৰ এক জটিল ৰোগত ভুগি আছে যদিও বন্ধুবৰ্গৰ পৰা কেমেৰা ধাৰে লৈ বিবাহ ,সভাত ফটো তুলি কিছু টকা উপাৰ্জন কৰি ঘৰখন চলাত সহায় কৰিছিল সঞ্জয়ে ৷
প্ৰথম অৱস্থাত টীয়ক প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত আৰু যোৰহাট মেডিকেল কলেজত চিকিৎসা কৰি সুফল নোপোৱাত সঞ্জয়ক উন্নত চিকিৎসাৰ বাবে টীয়ক আৰক্ষীৰ থানাৰ সহায়ত ডিব্ৰুগড় মেডিকেল কলেজলৈ লৈ গৈছিল অভিভাৱকে । কিন্তু ডিব্ৰুগড় মেডিকেল কলেজত বৰ্তমান কৰ'ণাৰ বাবে সকলো ব্যস্ত হৈ থাকিব লগা হোৱাত তেওঁক ডিব্ৰুগড়ৰে এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও অৰ্থৰ অভাৱত পৰিয়ালটিয়ে সেই চিকিৎসালয়ৰ পৰা পুনৰ ঘূৰি আহি ডিব্ৰুগড় মেডিকেল কলেজ হাস্পতালত চিকিৎসা কৰিবলৈ অনুৰোধ জনায় । তাত সঞ্জয়ক চিকিৎসকে মাত্ৰ কেইটামান দৰৱ দি ঘৰলৈ পঠিয়াই দিয়ে কিন্তু সেই দৰৱৰ জৰিয়তে এই এসপ্তাহে কোনো সুফল নোপোৱাত মানসিক ভাৱে ভাগি পৰিছে পৰিয়ালটো ।
সেয়ে এতিয়া অসমৰ স্বাস্থ্যমন্ত্ৰীক সহায়ৰ বাবে কাতৰ আহ্বান কৰিছে পৰিয়ালটোৱে । দিন হাজিৰা কৰি কোনোমতে পেটে ভাতে খাই থকা পৰিয়ালটোৱে পুত্ৰৰ চিকিৎসা ব্যয় বহন কৰি ইতিমধ্যে সৰ্বস্ব হেৰুওৱাৰ লগতে বৰ্তমান সমগ্ৰ দেশতে চলি থকা লক্ ডাউনৰ বাবে গভীৰ সমস্যাত পৰিছে । কাকজান কলেজৰ স্নাতকৰ ছাত্ৰ হোৱাৰ লগতে টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক সঞ্জয়ক এতিয়া প্ৰয়োজন উন্নত চিকিৎসাৰ । এনে পৰিস্থিতিত উপায়ন্তৰ হৈ আৰ্থিকভাৱে জুৰুলা পৰিয়ালটোৱে কোনো সুহৃদয়ৱান লোকক সহায়ৰ বাবে অনুৰোধ জনাইছে ৷
ইচ্ছুক ব্যক্তিয়ে আৰ্থিক সাহাৰ্য আগবঢ়াব পাৰিব ভাৰতীয় ষ্টেট বেংকৰ টীয়কৰ শাখাৰ একাউন্ট নম্বৰ 37940242685( Ifsc-SBIN0001718)ত ৷