ETV Bharat / state

Traffic Rules Violation in Teok : আইন উলংঘাকাৰীৰ বিৰুদ্ধে সস্তম টীয়ক আৰক্ষী

author img

By

Published : Dec 2, 2021, 8:37 PM IST

যান-বাহন চলাচল আইন উলংঘাকাৰীৰ বিৰুদ্ধে সস্তম হৈছে টীয়ক আৰক্ষী (Traffic rules violation in Teok) ৷ ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি, বৃহস্পতিবাৰে টীয়কৰ জগদুৱাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহন চলাচল আইন উলংঘাকাৰীৰ বিৰুদ্ধে টীয়ক আৰক্ষীয়ে চলালে অভিযান ৷

Traffic rules violation in Teok
যান-বাহন চলাচল আইন উলংঘাকাৰীৰ বিৰুদ্ধে সস্তম টীয়ক আৰক্ষী

টীয়ক, 2 ডিচেম্বৰ : সস্তম হৈ ৰাজ্যৰ পৰিবহণ বিভাগ ৷ ৰাজ্যত 1 ডিচেম্বৰৰ পৰা হেলমেট পৰিধানক লৈ সষ্টম হৈ পৰিছে অসম আৰক্ষী তথা পৰিবহণ নিগমৰ বিষয়াসকল (Wearing Helmet is Compulsory from December 1 in Assam) ৷ টীয়কতো যান-বাহন নিয়ম আইন উলংঘাকাৰীক লৈ কঠোৰ হৈছে প্ৰশাসন (Traffic rules violation in Teok) ৷

ৰাজ্য চৰকাৰৰ নিৰ্দেশনা মৰ্মে, বৃহস্পতিবাৰে টীয়ক আৰক্ষীয়ে টীয়কৰ জগদুৱাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত চলাই এক অভিযান ৷ উক্ত পথদি আহ-যাহ কৰা মটৰচাইকেল আৰোহীসকলে হেলমেট পৰিধান কৰিছে নে নাই (Police strictly implement helmet rules) অথবা লাইচেঞ্চ লগত আনিছেনে নাই তাক পৰীক্ষা কৰাত ব্যস্ত হৈ পৰিছে টীয়ক আৰক্ষী । আনকি উক্ত সময়চোৱাত যিসকলে চৰকাৰী নিৰ্দেশনা অৱলম্বন কৰা নাই, তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে নিৰ্ধাৰণ কৰা নিৰিখ অনুসৰি জৰিমনা বিহাৰ লগতে এজাহাৰ বিহীন গোচৰো ৰজু কৰিছে আৰক্ষীয়ে ।

আৰক্ষীৰ এই পদক্ষেপে বিশেষকৈ নৱ প্ৰজন্মৰ চালক সকলক অধিক দায়িত্বশীল কৰি তুলিব বুলি মন্তব্য কৰে টীয়কৰ এগৰাকী আৰক্ষীয়ে ৷ আৰক্ষীগৰাকীৰ মতে, বিশেষকৈ নৱ প্ৰজন্মৰ চালক সকলক যদি দায়িত্বশীল হয় তেন্তে পথ দুৰ্ঘটনাৰ সংখ্যাও কিছু পৰিমানে হ’লেও হ্ৰাস পাব ৷ ৰাজ্যৰ পৰিবহণ বিভাগৰ এই পদক্ষেপক সকলোৱে এতিয়া সলাগ জনাইছে ৷

টীয়কৰ লেখিয়াকৈ গুৱাহাটী মহানগৰৰ ভিন্ন স্থানতো বুধবাৰৰ পৰা চলোৱা হয় এই অভিযান ৷ প্ৰাপ্ত তথ্য অনুসৰি, বুধবাৰে মহানগৰীত যান-বাহন চলাচল আইন উলংঘা (Traffic rules violation in Guwahati) কৰা 277 টা গোচৰ ৰুজু কৰিছে মহানগৰীৰ যান বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীয়ে ৷ লগতে 46 হাজাৰ টকাৰ জৰিমনাও সংগ্ৰহ কৰিছে যান-বাহন চলাচল আইন উলংঘাকাৰীসকলৰ পৰা ৷

লগতে পঢ়ক : New Traffic Rules : আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ কলিয়াবৰ আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.