ETV Bharat / state

টীয়কত উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

author img

By

Published : Dec 26, 2020, 9:31 PM IST

যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত এখন মাংসৰ দোকানত উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ । ৭.৬৫ এম এম এটা পিষ্টলৰ লগতে ৫ টাকৈ সজীৱ গুলীৰ কাৰ্টিজ উদ্ধাৰ ।

টীয়কত অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ
টীয়কত অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ

যোৰহাট, ২৬ ডিচেম্বৰ: যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত বাদুলীপুখুৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ এখন পৰিত্যক্ত ব্ৰইলাৰ মাংসৰ কাউণ্টাৰত সজীৱ গুলীসহ এটা অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । শুকুৰবাৰে নিশা বাদুলীপুখুৰীৰ এটা অব্যৱহৃত ব্ৰইলাৰ কাউণ্টাৰত উদ্ধাৰ হয় অবৈধ মাৰণাস্ত্ৰটো । এগৰাকী স্থানীয় মহিলাই প্ৰথমে এই মাৰণাস্ত্ৰটো প্ৰতক্ষ কৰে । পৰৱৰ্তী সময়ত মহিলাগৰাকীয়ে তেওঁৰ পুত্ৰক বিষয়টো অৱগত কৰে ।

ঘটনা সন্দৰ্ভত পুত্ৰই ততালিকে টীয়ক আৰক্ষীক খবৰ দিয়াত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চতীশ চাহুৰ নেতৃত্বত এটা দল ঘটনাস্থলীত উপস্থিত হৈ ৭.৬৫ এম এম এটা পিষ্টলৰ লগতে ৫ টাকৈ সজীৱ গুলীৰ কাৰ্টিজ উদ্ধাৰ কৰে । কোনে কি পৰিস্থিতিত জনবহুল অঞ্চলৰ পৰিত্যক্ত এখন দোকানত এইদৰে মাৰণাস্ত্ৰ এৰি থৈ গ'ল সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব । ঘটনা সম্পৰ্কত আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক: চাপৰত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত 2বাইক আৰোহী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.