ETV Bharat / state

কৰ্মচাৰীৰ অভাৱত ভালুকৰ সাঙীত পৰিণত টীয়কৰ পশু চিকিৎসালয়

বৃহত্তৰ টীয়ক অঞ্চলত পশু চিকিৎসালয় থকাৰ পিছতো দীৰ্ঘদিনৰ পৰা পশুপালক সকলে জীয়াতু ভুগি অহা পৰিলক্ষিত হৈছে ৷ নতুনকৈ কোনো লোকক নিযুক্তি নিদিয়াৰ বাবে পশু চিকিৎসালয় থকাৰ পিছতো অঞ্চলবাসীয়ে উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হ'ব লগা হৈছে ৷

Teok peolple faceing problems
কৰ্মচাৰীৰ অভাৱত ভালুকৰ সাঙীত পৰিণত টীয়কৰ পশু চিকিৎসালয়
author img

By

Published : May 9, 2020, 12:06 PM IST

টীয়ক. 9 মে' : কভিড-19 ৰ সমান্তৰালভাবে ৰাজ্যত অব্যাহত আছে আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংহাৰ ৷ ইতিমধ্যে এই ৰোগ বিধত আক্ৰান্ত হৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবা হাজাৰ গাহৰি মৃত্যুৰ মুখত পৰিছে ৷ কিন্তু বৃহত্তৰ যোৰহাট জিলাৰ টীয়কৰ কেইবাখনো চিকিৎসালয়ত সকলো ধৰণৰ সা-সুবিধা থকাৰ পিছতো চিকিৎসক-কৰ্মচাৰীৰ অভাৱত অঞ্চলবাসী দীৰ্ঘদিনৰ পৰা চিকিৎসাৰ পৰা বঞ্চিত হৈ আহিছে ৷

চিপাহীখোলা, ৰজাবাৰী আৰু বলমাত তিনিখন ৰাজ্যিক পশু চিকিৎসালয় আৰু তিনিটা উপ কেন্দ্ৰ থকাৰ পিছতো কেন্দ্ৰটোত নাই প্ৰয়োজনীয় চিকিৎসক-কৰ্মচাৰী ৷ বৃহত্তৰ অঞ্চলটিত আছে মাত্ৰ এগৰাকী খণ্ড পশু চিকিৎসক, তিনিগৰাকী পশু চিকিৎসক আৰু ক্ষেত্ৰ সহায়ক মাত্ৰ পাঁচ জন ৷ আনকি বিভাগটোৰ কৰ্মচাৰী সকলে অৱসৰ গ্ৰহণ কৰাৰ পিছত নতুনকৈ কোনো লোকক নিযুক্তি নিদিয়াৰ বাবে বৰ্তমান চিকিৎসাৰ অভাৱত পশুপালক সকলে বহু দিনৰ পৰা জীয়াতু ভুগি অহা বুলি উল্লেখ কৰে ৷

কৰ্মচাৰীৰ অভাৱত ভালুকৰ সাঙীত পৰিণত টীয়কৰ পশু চিকিৎসালয়

চিকিৎসক কতৃপক্ষই জনোৱা অনুসৰি, চিকিৎসালয়খনত সকলো ধৰণৰ সা-সুবিধা থকাৰ পিছতো কৰ্মচাৰীৰ অভাৱত তেওঁলোকে ৰাইজক উপযুক্ত চিকিৎসা প্ৰদান কৰিব নোৱাৰা বুলি উল্লেখ কৰিলে ৷ স্বাস্থ্য কেন্দ্ৰ কেইটালৈ অনতিপলমে চিকিৎসক-কৰ্মচাৰী নিযুক্তি দিবলৈ কতৃপক্ষই অনুৰোধ জনাইছে ৷

লগতে পঢ়ক : শিক্ষাৰ্থীৰ বাবে ছাত্ৰ পুথিভঁৰাল মুকলি অসম ছাত্ৰ পৰিষদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.