ETV Bharat / state

হেৰাই যোৱাৰ পথত এখন ঐতিহ্যময় আৰক্ষী থানা - old police station

পৰিৱৰ্তনৰ ধামখুমিয়াত হেৰাই যাব নেকি পুৰণি ঐতিহ্যবহনকাৰী বৃটিছৰ দিনৰ এখন পুৰণি আৰক্ষী থানা ? বৃটিছৰ দিনতে স্থাপিত তথা জ্যোতি-বিষ্ণুৰ পৰশ পৰা টীয়ক আৰক্ষী থানাৰ পুৰণি গৃহটো জহি খহি গৈছে উপযুক্ত সংৰক্ষণৰ অভাৱত ৷

teok old police station
হেৰাই যোৱাৰ পথত এখন ঐতিহ্যময় আৰক্ষী থানা
author img

By

Published : Jul 16, 2020, 5:58 PM IST

টীয়ক,16 জুলাইঃ পৰিৱৰ্তন সকলোৰে কাম্য । যুগৰ লগত খাপ খোৱাকৈ সকলোৱে বিচাৰে পৰিৱৰ্তন । কিন্তু পৰিৱৰ্তনৰ নামত আমাৰ পুৰণি ঐতিহ্য সমূহ পাহৰি পেলোৱাটো কিমান সমীচিন ? বুধবাৰে টীয়কত মৈত্ৰী আঁচনিৰ অধীনত কোটিৰো অধিক ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা অত্যাধুনিক সা সুবিধাযুক্ত থানাখন উন্মোচন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৷ টীয়কবাসীৰ বাবে এয়া গৌৰৱৰ কথা। কিন্তু তাৰ বিপৰীতে ১৯১৫ চনৰ ৫ জুলাইত বৃটিছে স্থাপন কৰা একেটা প্ৰাংগণতে থকা টীয়ক আৰক্ষী থানাৰ ঐতিহ্য বহন কৰা গৃহ বৰ্তমান অনাদৃত ।

হেৰাই যোৱাৰ পথত এখন ঐতিহ্যময় আৰক্ষী থানা

পূৰ্বতে ২০০৫ চনত এই গৃহৰ পৰিৱৰ্তে কাষতে নতুন ভৱনলৈ স্থানান্তৰ হৈছিল থানাখন । পুনৰ টীয়ক আৰক্ষী থানা নৱনিৰ্মিত গৃহলৈ স্থানান্তৰৰ পথত। কিন্তু ইতিহাস বিজড়িত,জ্যোতি-বিষ্ণুৰ লগতে বহু স্বাধীনতা সংগ্ৰামীৰ পৰশ পৰা টীয়ক আৰক্ষী থানাৰ পুৰণি ভৱনটো উপযুক্ত সংৰক্ষণ নকৰাত জহি খহি গৈছে । সেয়ে এতিয়া এই ঐতিহাসিক গৃহটি সংৰক্ষণ বাবে দাবী জনাইছে টীয়কৰ সচেতন জনতাই।
লগতে পঢ়কঃকাজিৰঙাৰ বান পৰিস্থিতি পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.