ETV Bharat / state

এখন স্থায়ী দলঙৰ অভাৱ অনুভৱ কৰিছে মেলেংছিগা ৰাইজে - অভিযোগ

টীয়কৰ মেলেংছিগাত স্থায়ী দলঙে দুৰ্ভোগ ভোগাইছে স্থানীয় ৰাইজক ৷ বাৰম্বাৰ আবেদন জনোৱাৰ পাচতো জনপ্ৰতিনিধিৰ কানসাৰ নাই বুলি অভিযোগ তুলিছে ভুক্তভোগী ৰাইজে ৷

Teok no bridge
এখন স্থায়ী দলঙৰ অভাৱ অনুভৱ কৰিছে মেলেংছিগা ৰাইজে
author img

By

Published : Aug 1, 2020, 11:36 AM IST

টীয়ক, 1 আগষ্ট : স্বাধীনতাৰ 74 টা বছৰ পাৰ হ'ল, কিন্তু সম্পূৰ্ণ নহ’ল যোৰহাট জিলাৰ টীয়কৰ মেলেংছিগাৰ এখন স্থায়ী দলঙৰ নিৰ্মাণ কাৰ্য ৷ দলংখনে জীয়াতু ভোগাইছে জাঁজীমুখৰ হাতীশাল, বেজৰছিগা, মালা গাঁও, চোমনি চাপৰি, মালা গাঁৱকে ধৰি সমগ্ৰ টীয়কবাসীক ৷

প্ৰতিবছৰে নিৰ্বাচনৰ প্ৰাকক্ষণত নেতা-পালিনেতাসকলে অঞ্চলটোত উপস্থিত হৈ দলংখন নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচনৰ পাচত এই প্ৰতিশ্ৰুতিৰ কথা পাহৰি যায় ৷ ফলত প্ৰতিবছৰে যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভুগি আছে অঞ্চলবাসীয়ে ৷

এখন স্থায়ী দলঙৰ অভাৱ অনুভৱ কৰিছে মেলেংছিগা ৰাইজে

দৈনিক কৰ্মসূত্ৰে নাঁৱেৰে ইপাৰ-সিপাৰ হ’বলগীয়া হয় ভুক্তভোগী ৰাইজে ৷ জনপ্ৰতিনিধিয়ে দীৰ্ঘদিনীয়া দাবীক আওকাণ কৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ ডিজিটেল ইণ্ডিয়াৰ সপোন দেখুওৱা চৰকাৰখনে টীয়কৰ জাঁজীমুখ-লাহদৈগড় সংযোগী দলংখন নিৰ্মাণ কৰি যাতায়াত ব্যৱস্থা সুচল কৰাত ব্যৰ্থ হৈছে বুলি অভিযোগ উত্থাপন কৰে গাঁওবাসীয়ে ।

লগতে পঢ়ক : আজি পবিত্ৰ ঈদ-উদ-জোহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.