ETV Bharat / state

টীয়কৰ অংকিতাৰ কাষত বিধায়িকা ৰেণুপমা ৰাজখোৱা

author img

By

Published : Jun 13, 2021, 1:42 PM IST

ক’ভিড (Covid 19)ৰ দ্বিতীয়টো ঢৌৰ সংক্ৰমণত হাৰ মানি মৃত্যুবৰণ কৰিছিল টীয়ক মেলেঙৰ ১নং ঘৰফলীয়া অঞ্চলৰ নৰেন গগৈয়ে । নৰেন গগৈৰ পত্নীৰো ইতিপূৰ্বে মৃত্যু হৈছিল ।

Teok MLA visit Ankita house
টীয়কৰ অংকিতাৰ কাষত বিধায়িকা ৰেণুপমা ৰাজখোৱা

টীয়ক, 13 জুন : টীয়কৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাই অগপ-বিজেপি দলৰ কেইবাগৰাকী নেতাৰ সহযোগত দেওবাৰ টীয়কৰ নৱম শ্ৰেণীত অধ্যয়নত ছাত্ৰী অংকিতা গগৈৰ ঘৰত উপস্থিত হৈ ৫০ হাজাৰ টকাৰ সাহাৰ্য প্ৰদান কৰে ৷ উল্লেখ্য যে, ক’ভিড (Covid 19)ৰ দ্বিতীয়টো ঢৌৰ সংক্ৰমণত হাৰ মানি মৃত্যুবৰণ কৰিছিল টীয়ক মেলেঙৰ ১নং ঘৰফলীয়া অঞ্চলৰ নৰেন গগৈয়ে । নৰেন গগৈৰ পত্নীও ইয়াৰ কিছুদিন পূৰ্বে মৃত্যুক সাৱতি লৈছিল । যাৰ ফলত বৰ্তমান অকলশৰীয়া জীৱন কটাবলগীয়া হৈছে গগৈ পৰিয়ালৰ একমাত্ৰ কন্যা অংকিতা গগৈয়ে । অংকিতাৰ ইষ্ট-কুটুম্ব তথা গাঁৱবাসীয়ে ইতিমধ্যে সাধ্য অনুসৰি সাহাৰ্য প্ৰদান কৰিছে যদিও সেয়া অংকিতাৰ বাবে যথেষ্ঠ নাছিল ৷ যাৰবাবে অংকিতাই শিক্ষা জীৱন সামৰাৰ সিদ্ধান্ত লৈছিল ৷

সংবাদ মাধ্যমত এই খবৰ লাভ কৰাৰ পাছতেই দেওবাৰে টীয়কৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা (Renupama Rajkhowa)ই অংকিতাৰ ঘৰত উপস্থিত হৈ সমবেদনা জনোৱাৰ লগতে মেধাবী ছাত্ৰীগৰাকীৰ শৈক্ষিক যাত্ৰাত সহায় হোৱাকৈ তৎকালীনভাৱে ৫০ হাজাৰ টকা প্ৰদান কৰে ৷ তেওঁ লগতে অনাথ শিশুসকলৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰা আঁচনিৰ অন্তৰ্ভূক্তৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ দিহা কৰে ।

বিধায়িকাগৰাকীয়ে অংকিতাৰ নাম অনাথ শিশুসকলৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰা আঁচনিত অন্তৰ্ভূক্ত কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ কথা জানিবলৈ দিয়ে । বিধায়িকাগৰাকীৰ লগত টীয়ক সমষ্টিৰ অসম গণ পৰিষদ (AGP)ৰ টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়া, যোৰহাট জিলা অগপৰ সম্পাদক দ্বীপেন বৰগোঁহাই, অসম গণ পৰিষদ (AGP) আৰু ভাৰতীয় জনতা পাৰ্টী (BJP)ৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷ তেওঁলোক সকলোৱে অনাগত দিনত অংকিতাক প্ৰয়োজনীয় সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰে ।

লগতে পঢ়ক : বনকৰ্মীৰ খাদ্য ভাট্টা ১২০০ টকাৰ পৰা ২০০০ টকালৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.