ETV Bharat / state

টীয়কত কৃষক সন্মান নিধিৰ নামত দুৰ্নীতিৰ অভিযোগ

টীয়কৰ ৰাজৈ বাদুলীপুখুৰী গাঁও পঞ্চায়তত কৃষক সন্মান নিধিৰ নামত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি ৰাজপথলৈ প্ৰতিবাদ কৰিবলৈ ওলাই আহিল ৰাইজ ৷ লিখিত অভিযোগ প্ৰদান কৰিলে খণ্ড উন্নয়ন বিষয়াক ৷

teok-govt-schemes-scam
টীয়কতো কৃষক সন্মান নিধিৰ নামত দুৰ্নীতিৰ অভিযোগ
author img

By

Published : May 17, 2020, 1:16 PM IST

নিউজ ডেস্ক, 17 মে‘ : টীয়কৰ মধ্য যোৰহাট উন্নয়ন খণ্ডৰ অধীনস্থ ৰাজৈ বাদুলীপুখুৰী গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধিৰ নামত বিয়াগোম কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ উত্থাপন কৰি মধ্য যোৰহাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়ালৈ লিখিত অভিযোগ দিয়াৰ লগতে ৰাজপথলৈ ওলাই আহে পঞ্চায়তখনৰ বহু পুৰুষ-মহিলা । সামাজিক দূৰত্ব বৰ্তাই পঞ্চায়ত খনৰ বঞ্চিত একাংশ কৃষকে কৃষক সন্মান নিধিৰ ধন প্ৰকৃত কৃষকৰ পৰিবৰ্তে একাংশ ভুৱা কৃষকে লাভ কৰা, একেটা পৰিয়ালৰে দুই-তিনিজন সদস্যই এই নিধিৰ ধন লাভ কৰা, ভুৱা একাউন্ট নম্বৰেৰে বেংকৰ পৰা নিধিৰ ধন মোকলাই অনা আদি একাধিক অভিযোগৰ ভিত্তিত এনেদৰে গাঁৱৰ নামঘৰৰ সন্মুখৰ ৰাজপথত অৱস্থান গ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ তদুপৰি ৰাইজে এই অনিয়মৰ তদন্তৰ দাবী জনোৱাৰ লগতে এই দুৰ্নীতিৰ সৈতে জড়িত অভিযুক্তক উপযুক্ত শাস্তিৰ দাবী জনায় ।

টীয়কতো কৃষক সন্মান নিধিৰ নামত দুৰ্নীতিৰ অভিযোগ

পৰৱৰ্তী সময়ত প্ৰতিবাদস্থলীত হঠাতে উপস্থিত হোৱা পঞ্চায়তখনৰ এগৰাকী পঞ্চায়ত সদস্যই ৰাইজৰ এই অভিযোগ সম্পূৰ্ণ যুক্তি সংগত নহয় বুলি মতপোষণ কৰাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । অৱশ্যে এতিয়াও কিছু সংখ্যক কৃষকে এই সাহাৰ্য লাভ কৰা নাই বুলি স্বীকাৰ কৰি পঞ্চায়ত সদস্য গৰাকীয়ে দাবী কৰে যে পঞ্চায়ত সমূহে কৃষকৰ তালিকা প্ৰস্তুত কৰাৰ উপৰি হিতাধিকাৰী সকলে নিজাববীয়াকৈ অনলাইন যোগে আবেদন কৰিও তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল লগতে বিজেপিৰ একাংশ কৰ্মীয়েও কৃষকৰ নাম অন্তৰ্ভুক্ত কৰাৰ সুযোগ পাইছিল যাৰ বাবে এনে বিসংগতিৰ সৃষ্টি হৈছে । সেয়ে কৃষিমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰা তদন্তলৈ তেওঁলোকে পূৰ্ণ সহযোগিতা আগবঢ়াই প্ৰকৃত কৃষকক এই সুবিধা প্ৰদান কৰিব বুলি মন্তব্য কৰে ৷

অন্যহাতে পঞ্চায়ত সদস্য গৰাকীৰ বক্তব্যক সমৰ্থন আগবঢ়ালে পঞ্চায়তখনৰ সভাপতি ৰাজীৱ বৰঠাকুৰ গাঁৱৰ গাঁওবুঢ়াই ।

লগতে পঢ়ক : শোনিতপুৰত প্ৰথমজন কৰ'ণাত আক্ৰান্ত, ৰাজ্যত আক্ৰান্তৰ সংখ্যা 95

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.