ETV Bharat / state

প্ৰৱঞ্চকৰ জালত টীয়কৰ সাংবাদিক

author img

By

Published : Apr 10, 2021, 7:18 PM IST

যোৰহাট জিলাৰ টীয়কৰ এজন সাংবাদিক প্ৰৱঞ্চকৰ কবলত । প্ৰাঞ্জল বৰুৱাক কেবিচি বেঙ্কে আয়োজন কৰা লাকী ড্ৰ'-২০২১ ৰ বিজয়ী হোৱা বুলি কৈ পঁচিশ লাখ টকা লাভ কৰা বুলি ফোনযোগে অৱগত কৰে । এই ধন লাভ কৰিবৰ বাবে ফাইল টেক্সৰ বাবদ ১২,১০০/ টকা ৩৬৩২০৭১৪৩১৯ নম্বৰৰ একাউন্টত জমা দিবৰ বাবে জনায় সাংবাদিকগৰাকীক ।

প্ৰৱঞ্চকৰ জালত টীয়কৰ সাংবাদিক
প্ৰৱঞ্চকৰ জালত টীয়কৰ সাংবাদিক

টীয়ক, ১০ এপ্ৰিল: এইবাৰ প্ৰৱঞ্চকৰ কবলত পৰিছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিক । প্ৰধানমন্ত্ৰীৰ ফটো ব্যৱহাৰ কৰি দেশজুৰি প্ৰৱঞ্চকৰ দলে পেলোৱা জালত পৰিছে যোৰহাট জিলাৰ টীয়কৰ এজন সাংবাদিক । টীয়কৰ এক বৈদ্যুতিক মাধ্যমৰ টীয়কৰ সাংবাদিক প্ৰাঞ্জল বৰুৱা প্ৰৱঞ্চকৰ জালত ।

ঘটনা অনুসৰি, প্ৰাঞ্জল বৰুৱাক কেবিচি বেঙ্কে আয়োজন কৰা লাকী ড্ৰ'-২০২১ ৰ বিজয়ী হোৱা বুলি কৈ পঁচিশ লাখ টকা লাভ কৰা বুলি ফোনযোগে অৱগত কৰে বৰুৱাক । জনৈক বেঙ্কৰ জেষ্ঠ্য বিষয়া ৰাণা প্ৰতাপ সিঙে ৯৯১৩৬৩৬৮৫৬ নম্বৰৰ পৰা ফোন কৰি বৰুৱাৰ বেঙ্কৰ সবিশেষ আৰু একপি ফটো বিচাৰে । বৰুৱাই এই বাৰ্তা লাভ কৰি আই ডি বি আই টীয়ক শাখাত থকা একাউণ্ট নম্বৰ আৰু এখন ফটো প্ৰেৰণ কৰে ।

প্ৰৱঞ্চকৰ জালত টীয়কৰ সাংবাদিক

পৰবৰ্তী সময়ত বিগ বি অমিতাভ বচ্চন,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, উদ্যোগপতি মুকেশ আম্বানীৰ ফটো সম্বলিত এটা বিজ্ঞাপনত সাংবাদিক বৰুৱাই প্ৰেৰণ কৰা ফটোখনো সংযোগ কৰি আৰু পঁচিশ লাখ টকাৰ এখন চেক আৰু দুটা ভিডিঅ' হোৱাটচ এপত প্ৰেৰণ কৰে । এই ধন লাভ কৰিবৰ বাবে ফাইল টেক্সৰ বাবদ ১২,১০০/ টকা ৩৬৩২০৭১৪৩১৯ নম্বৰৰ একাউন্টত জমা দিবৰ বাবে জনায় ।

এই ঘটনাত সাংবাদিকগৰাকীৰ সন্দেহ উপজাত তেঁওলৈ প্ৰেৰণ কৰা বেঙ্ক নম্বৰটোৰ অনুসন্ধান কৰাত ওলাই পৰে জুলুঙাৰ মেকুৰী । বৰুৱালৈ প্ৰেৰণ কৰা বেঙ্ক একাউন্টটো বিহাৰৰ ৰামনগৰৰ জনৈক পূজাৰী পণ্ডিতৰ বুলি জানিব পৰা গৈছে । দীৰ্ঘকাল ধৰি এই একাউন্টটোত লেন-দেনো বন্ধ হৈ আছে । দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ফটো ব্যৱহাৰ কৰি প্ৰৱঞ্চকৰ দলটোৱে দেশজুৰি অব্যাহত ৰখা এনে জালিয়াতিৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক: তিনিটা সমষ্টিত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.