ETV Bharat / state

ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কামত ব্যাপক গাফিলতিৰ অভিযোগ - ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ

জি ডি ছি এল নামৰ এটা প্ৰতিষ্ঠানৰ নামত আবন্টিত পথটোৰ সম্প্ৰসাৰণৰ কাম শেহতীয়াকৈ লিংকন নামৰ এটা প্ৰতিষ্ঠানক উপ-ঠিকা প্ৰদান কৰা হয় যদিও প্ৰতিষ্ঠানটোৱে অতি নিম্নমানৰ কাম কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

teok fourlane constraction corruptions
ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কামত ব্যাপক গাফিলতিৰ অভিযোগ
author img

By

Published : Oct 13, 2020, 8:57 AM IST

টীয়ক,13 অক্টোবৰঃ উন্মোচিত হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কামৰ গাফিলতি ৷ নিম্ন মানদণ্ডৰ কাম কৰাৰ অভিযোগ উত্থাপন হৈছে নিৰ্মাণ কাৰী সংস্থাৰ বিৰুদ্ধে ৷ ইপিনে ৰাষ্ট্ৰীয় ঘাইপথটোৰ আয়ুস কিমান দীৰ্ঘম্যদী হ’ব, সেই লৈ সম্প্ৰতি আশংকা ব্যক্ত কৰিছে সচেতন ৰাইজে । উল্লেখযোগ্য যে, দিল্লীৰ পৰা অহা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণৰ এটা উচ্চ স্তৰীয় পৰ্যবেক্ষকৰ দলে যোৰহাট বাইপাছৰ পৰা জাঁজী দলং পৰ্যন্ত নিৰ্মাণ কৰি থকা পথচোৱাৰ কেইবাস্থানত গাঁত খান্দি পৰীক্ষা কৰোতে ধৰা পৰে নিম্ন মানৰ কামৰ নমুনা । জানিব পৰা মতে জি ডি ছি এল নামৰ এটা প্ৰতিষ্ঠানৰ নামত আবন্টিত পথটোৰ সম্প্ৰসাৰণৰ কাম শেহতীয়াকৈ লিংকন নামৰ এটা প্ৰতিষ্ঠানক উপ-ঠিকা প্ৰদান কৰা হয় যদিও প্ৰতিষ্ঠানটোৱে অতি নিম্নমানৰ কাম কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কামত ব্যাপক গাফিলতিৰ অভিযোগ

ইপিনে যোৰহাটত স্থাপন কৰা ঘাইপথ প্ৰাধীকৰণৰ কাৰ্যালয়ে ৰহস্য জনক ভূমিকা গ্ৰহণ কৰাৰ বাবেই ঠিকা লাভ কৰা প্ৰতিষ্ঠানটোৱে নিম্নমানৰ কাম কৰিবলৈ সু-যোগ লাভ কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । প্ৰাপ্ত তথ্য মতে পথটোৰ একেবাৰে তল অংশত 0.500mm মাটি, তাৰ ওপৰত 0.200mm GSB,0.225 mm WMM ৰ তৰপ থকাৰ পাছত 0.075mm DDM ৰ তৰপ থাকিব লাগে যদিও পৰ্যবেক্ষণ কৰা দলটোৱে খন্দা গাঁতত পথটো নিৰ্মাণৰ সময়ত তেনে কোনো তৰপ দৃষ্টিগোচৰ নহ'ল । অৱশ্যে সংস্থাটোৱে এই পৰ্যন্ত ৰাজহুৱা কৰা নাই পৰ্যবেক্ষণৰ প্ৰতিবেদন আৰু এই লৈ সৰ্বত্ৰে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়কঃএগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি নগাঁৱত প্ৰতিক্ৰিয়া অব্যাহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.