ETV Bharat / state

নাইজেৰিয়ান দৰা, কইনা তিতাবৰৰঃ চৰ্চাত ডেভিদ সবিতাৰ বিয়া

author img

By

Published : Mar 11, 2020, 10:16 PM IST

Updated : Mar 11, 2020, 11:58 PM IST

সদূৰ নাইজেৰিয়াৰ ডেভিদ জ'ন আৰু তিতাবৰৰ সবিতা বৰাৰ সম্পৰ্কই আজি লাভ কৰিলে পূৰ্ণতা ৷ নাইজেৰিয়াৰ ডেভিদ জ'ন নামৰ পৰ্যটকজনৰ তিনি বছৰৰ পূৰ্বে গুৱাহাটীত প্ৰেম হৈছিল তিতাবৰৰ যুৱতী সবিতা বৰাৰ সৈতে ।

Teok forigner marriage
লিয়াপানী আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পিতাম্বৰ দেৱ গোস্বামী

টীয়ক, 11 মাৰ্চঃ দৰা নাইজেৰিয়াৰ; কইনা তিতাবৰৰ ৷ তিনিবছৰীয়া পৱিত্ৰ সম্পৰ্কৰ অন্তত দুয়োৰে বিবাহ ৷ টীয়কৰ কলিয়াপানীস্থিত আউনীআটী সত্ৰত হিন্দু ধৰ্মত শৰণ ল'লে নাইজেৰিয়ান দৰা আৰু অসমীয়া কইনাই ৷

নাইজেৰিয়ান দৰা, কইনা তিতাবৰৰ

সদূৰ নাইজেৰিয়াৰ ডেভিদ জ'ন আৰু তিতাবৰৰ সবিতা বৰাৰ সম্পৰ্কই আজি লাভ কৰিলে পূৰ্ণতা ৷ নাইজেৰিয়াৰ ডেভিদ জ'ন নামৰ পৰ্যটকজনৰ তিনি বছৰৰ পূৰ্বে গুৱাহাটীত প্ৰেম হৈছিল তিতাবৰৰ যুৱতী সবিতা বৰাৰ সৈতে । বৰ্তমান দিল্লীৰ এটা আন্তৰ্জাতিক কোম্পানীত কৰ্মৰত দুয়োজন । দুয়োজন বিবাহ পাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত সবিতাৰ ইষ্ট-কুটুম্ব তথা গাঁৱৰ ৰাইজে জ'নক মাজুলীৰ সত্ৰত শৰণ ল'ৱলৈ উপদেশ দিছিল যদিও কৰ’ণা ভাইৰাছৰ বাবে মাজুলী লৈ যোৱা সম্ভৱ নহ'ল দুয়োৰে ৷ সেয়ে আজি টীয়কৰ কলিয়াপানী আউনীআটি সত্ৰত দুয়ো শৰণ ল'লে ৷

তিনিবছৰীয়া পৱিত্ৰ সম্পৰ্কৰ অন্তত দুয়োৰে বিবাহ

এই দৃশ্যই সঁচাকৈয়ে অনন্য ৷ প্ৰেমে যে সীমাৰ পৰিধি নামানে সেই কথা আকৌ এবাৰ বুজাই গ'ল ডেভিদ জ'ন আৰু সবিতা বৰাৰ বিবাহে ৷ টীয়কৰ কলিয়াপানী শাখা আউনীআটী সত্ৰত সম্পূৰ্ণ অসমীয়া সাজ পোচাক পৰিধান কৰি ডেভিদে শৰণ ল'লে ৷ ভাষা সুকীয়া , সংস্কৃতি সুকীয়া হ'লেও আজি আকোঁৱালি ল'লে অসমীয়া পৰম্পৰা আৰু সংস্কৃতি ৷ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পিতাম্বৰ দেৱ গোস্বামীৰ অধীনত শৰণ গ্ৰহণ কৰি আজি যুগ্মজীৱনৰ পাতনি মেলিছে জন আৰু সবিতাই ৷

চৰ্চাত ডেভিদ সবিতাৰ বিয়া

Last Updated : Mar 11, 2020, 11:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.