টীয়ক,27 নৱেম্বৰ: বৃহস্পতিবাৰৰ পৰা টীয়কত আৰম্ভ হৈছে ১৬ বছৰ অনুৰ্ধ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা ৷ টীয়ক ক্ৰীড়া সন্থাৰ উদ্যোগত টীয়ক হাইস্কুল খেলপথাৰত এই প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

অসম ফুটবল সন্থাৰ নিয়ম অনুসৰি তথা নক আউট পদ্ধতিৰে মুঠ ১০,০০০ টকাৰ প্ৰাইজমানিৰে অনুষ্ঠিত কৰা খেলখনৰ আৰম্ভণিৰ পূৰ্বে টীয়ক ক্ৰীড়া সন্থাৰ কেইবাগৰাকীও বিষয়ববীয়া তথা অঞ্চলটোৰ কেইবাগৰাকীও প্ৰাক্তন খেলুৱৈ তথা খেলুৱৈসকলৰ উপস্থিতত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু বিশ্ব বিখ্যাত ফুটবলাৰ মাৰডোনাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি আত্মাৰ সদ্গতিৰ অৰ্থে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে।

টীয়কৰ ৰামপুৰ ফুটবল ক্লাৱ আৰু চিৰাম মিচিং ফুটবল ক্লাৱৰ মাজত অনুষ্ঠিত হোৱা উদ্বোধনী খেলখনত চিৰাম মিচিং ক্লাৱে ৰামপুৰ ক্লাৱক ১-0 গলত পৰাস্ত কৰে। উল্লেখযোগ্য যে বৃহত্তৰ টীয়কৰ বিশেষকৈ গ্ৰাম্যাঞ্চলৰ সুপ্ত প্ৰতিভা বিকাশৰ অৰ্থে টীয়ক ক্ৰীড়া সন্থাই এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি উদ্যোক্তাই মন্তব্য কৰিছে ৷ লগতে ফুটবল প্ৰতিযোগিতাখনিৰ সমান্তৰালকৈ এথেলেটিকছৰো প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰিছে বুলি জানিবলৈ দিছে ।
লগতে পঢ়ক: দলগাঁৱত ভাগৱত, কোৰাণ পাঠেৰে প্ৰয়াত তৰুণ গগৈলৈ শেষ শ্ৰদ্ধাঞ্জলি