টীয়ক,13 মাৰ্চঃ ফেচবুকত অসম গণ পৰিষদৰ টীয়ক সমষ্টিৰ অফিচিয়েল পেজত প্ৰচাৰ চলোৱা এটা পোষ্টে নিৰ্বাচনৰ প্ৰাক্ক্ষণত টীয়কত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । টীয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত বামুনপুখুৰী গাঁও পঞ্চায়তৰ কংগ্ৰেছ সভানেত্ৰী ৰেখা ভট্টাচাৰ্য্যই অগপত যোগদান কৰা বুলি অসম গণ পৰিষদৰ তৰফৰ পৰা সামাজিক মাধ্যমৰ যোগেদি প্ৰচাৰ চলোৱা হয় ৷
টীয়ক অগপৰ এনে কাৰ্যক বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ সভানেত্ৰী গৰাকীয়ে । শুকুৰবাৰে সমষ্টিটোৰ এগৰাকী পঞ্চায়তৰ জনপ্ৰতিনিধি হিচাপে বিধায়িকা গৰাকীৰ সৈতে থকা সু-সম্পৰ্কৰ বাবেই সৌজন্যমূলক সাক্ষাৎ কৰিব গৈছিল ৷ সাক্ষাৎ কৰাৰ সময়ত তেঁওক গামোছা পিন্ধাই যদিও অগপত যোগদান কৰাটো ভিত্তিহীন আৰু ষড়যন্ত্ৰ বুলি দাবী কৰিছে সভানেত্ৰীগৰাকীয়ে ।
লগতে পঢ়কঃকংগ্ৰেছৰ চাকৰি গেৰাণ্টিত 70 হাজাৰ নিৱনুৱাৰ পঞ্জীয়ন