ETV Bharat / state

টীয়কত পল্লৱী গগৈৰ মনোনয়ন দাখিল - Assam assembly election 2021

হাজাৰ হাজাৰ সমৰ্থকৰ সৈতে মনোনয়ন দাখিলৰ বাবে ৰাওনা টীয়কৰ কংগ্ৰেছ প্ৰাৰ্থী পল্লৱী গগৈ ৷ সমষ্টিটোত অগপ-বিজেপি মিত্ৰজোঁটে ৰেণুপমা ৰাজখোৱাক পুনৰ প্ৰক্ষেপ কৰাত উৎফুল্লিত হৈ পৰিছে কংগ্ৰেছৰ সমৰ্থকসকল ৷ এইবেলি বিপুল ভোটৰ ব্যৱধানত কংগ্ৰেছৰ জয় নিশ্চিত বুলি আশা প্ৰকাশ কৰে প্ৰাৰ্থী গৰাকীয়ে ।

As_teok_congress-nomination_vis
টীয়কত পল্লৱী গগৈৰ মনোনয়ন দাখিল
author img

By

Published : Mar 8, 2021, 12:21 PM IST

টীয়ক,8 মাৰ্চ: বিধানসভা নিৰ্বাচনৰ বাবে ৰণডংকা বজাই হাজাৰ হাজাৰ সমৰ্থকৰ সৈতে মনোনয়ন দাখিলৰ বাবে ৰাওনা টীয়কৰ কংগ্ৰেছ প্ৰাৰ্থী পল্লৱী গগৈ ৷ প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন দাখিলৰ বাবে যোৱাৰ পূৰ্বে প্ৰয়াত বিধায়ক মেম্বৰ গগৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি গগৈৰ আধৰুৱা সপোন পূৰণৰ বাবে আৰ্শীবাদ বিচাৰে আৰু গাঁৱৰ ৰাইজৰ সেৱা লয় ।

টীয়কত পল্লৱী গগৈৰ মনোনয়ন দাখিল

বহু কল্পনা-জল্পনাৰ অন্তত সমষ্টিটোত অগপ-বিজেপি মিত্ৰজোঁটে ৰেণুপমা ৰাজখোৱাক পুনৰ প্ৰক্ষেপ কৰাত যেন উৎফুল্লিত হৈ পৰিছে কংগ্ৰেছ সমৰ্থকসকল ৷ এইবেলি বিপুল ভোটৰ ব্যৱধানত কংগ্ৰেছৰ জয় নিশ্চিত বুলি আশা প্ৰকাশ কৰে প্ৰাৰ্থীগৰাকীয়ে । ইফালে আজি আন্তৰ্জাতিক নাৰী দিৱসৰ দিনটোত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে প্ৰতিগৰাকী নাৰীকে শুভেচ্ছা জনোৱাৰ লগতে নাৰী শক্তি একগোট হৈ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক- নাৰী দিৱস বিশেষ: নাছাত ভাৰতীয় মহিলাৰ গৌৰৱোজ্জল ইতিহাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.