ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাঃ জি এম চিত টীয়কৰ অসুস্থ কণমানিৰ চিকিৎসা - মেলেং মেটেলী

মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নীহাৰৰ চিকিৎসাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ইতিমধ্যে যোৰহাট জিলাৰ উপায়ুক্তই এম্বুলেঞ্চৰ ব্যৱস্থা কৰি দি শুকুৰবাৰে সদ্ধিয়া নীহাৰক গুৱাহাটীলৈ প্ৰেৰণ কৰিছে ৷

নিহাৰ বৰবৰুৱা
author img

By

Published : Jun 8, 2019, 2:13 PM IST

টীয়ক, 8 জুনঃ পখিলা খেদাৰ বয়সতে বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ প্ৰায় তিনিটা বছৰ শয্যাশয়ী হৈ থাকিবলগীয়া হোৱা টীয়কৰ মেলেং মেটেলীৰ নীহাৰ বৰবৰুৱাৰ নামৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰজনক উন্নত চিকিৎসাৰ বাবে অৱশেষত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ উল্লেখ্য যে দুখীয়া পৰিয়ালটোৱে দীৰ্ঘদিন ধৰি শিশুটিৰ চিকিৎসাৰ নামত বহু ধন ব্যয় কৰিলে যদিও আৰোগ্য নহ'ল ৷ ঘৰৰ সা-সম্পত্তি বিক্ৰী তথা ৰাইজে আগবঢ়োৱা ধনেৰে চিকিৎসা কৰি কোনো সুফল নোপোৱাত পিতৃ দিলীপ বৰবৰুৱা আৰু মাতৃ ৰূপা বৰবৰুৱা ৷

জি এম চিত টীয়কৰ অসুস্থ কণমানিৰ চিকিৎসা

দুৰ্ভগীয়া শিশুটিৰ বিষয়ে সবিস্তাৰে ইটিভি ভাৰতত বাতৰি প্ৰচাৰ হোৱাৰ পাছত বহু দল-সংগঠনৰ লগতে বহু সহৃদয় লোকে নীহাৰৰ চিকিৎসাৰ বাবে সাহাৰ্য আগবঢ়ায় । শেহতীয়াকৈ মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নীহাৰৰ চিকিৎসাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ইতিমধ্যে যোৰহাট জিলাৰ উপায়ুক্তই এম্বুলেঞ্চৰ ব্যৱস্থা কৰি দি শুকুৰবাৰে সদ্ধিয়া নীহাৰক গুৱাহাটীলৈ প্ৰেৰণ কৰিছে ৷ সকলোৰে এতিয়া আশা-শীঘ্ৰেই সুস্থ হৈ উঠিব শিশুটি ৷

আৰু পঢ়ক: সমনীয়াৰ সৈতে ওমলাৰ সময়তে শয্যাশায়ী এটি কণমানি

Intro:Body:টীয়কৰ মেলেংৰ দুৰ্ভগীয়া শিশুৰ চিকিৎসাৰ ব্যৱস্থা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত
TEOK:পখিলা খেদাৰ বয়সতে বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ প্ৰায় তিনিটা বছৰ শৰ্যাশয়ী হৈ থাকিব লগা হোৱা টীয়কৰ মেলেং মেটেলীৰ নিহাৰ বৰবৰুৱাৰ নামৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ জনক উন্নত চিকিৎসাৰ বাবে অৱশেষত গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হৈছে।উল্লেখ্য যে দুখীয়া পৰিয়ালটোৱে দীৰ্ঘদিন ধৰি নিজ পুত্ৰৰ চিকিৎসাৰ নামত বহু ধন ব্যয় কৰিলে যদিও সন্তানৰ আৰোগ্য নহ'ল।ঘৰৰ সা-সম্পত্তি বিক্ৰী তথা শুভাকাংশী ৰাইজে আগবঢ়োৱা ধনৰে চিকিৎসা কৰি কোনো সুফল নোপোৱাত কিংকৰ্তব্যবিমোৰ হৈ পিতৃ দিলীপ বৰবৰুৱা আৰু মাতৃ ৰূপা বৰবৰুৱাই ঘৰৰ বিচনাতে শুৱাই থৈ উচুপি থকাৰ বাদে কোনো উপায় পোৱা নাছিল। দুৰ্ভগীয়া শিশুটোৰ বিষয়ে সবিস্তাৰি বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছত বহু দল-সংগঠনৰ লগতে ব্যক্তিয়ে নীহাৰৰ চিকিৎসাৰ বাবে সাহাৰ্য আগবঢ়ায় ।শেহতীয়াকৈ অসমৰ স্বাস্থ্য মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নীহাৰৰ চিকিৎসাৰ বাবে যাৱতীয় ব্যৱস্থা কৰি দিছে ।ইতিমধ্যে শিশুটোক যোৰহাট জিলাৰ উপায়ুক্ত গৰাকীয়ে যোগান ধৰা এম্বুলেঞ্চেৰে শুক্ৰবাৰে সন্ধিয়া গুৱাহাটীলৈ লৈ যোৱা হৈছে ।সকলোৱে আশা কৰিছে সুস্থ হৈ উঠিব নীহাৰ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.