টীয়কত,2 অক্টোবৰঃ বীৰ লাচিত সেনা অসম যোৰহাট জিলা সমিতিৰ উদ্যোগত, টীয়ক আঞ্চলিক চুতীয়া ছাত্ৰ সন্থা আৰু যোৰহাট জিলাৰ ৰেড ক্ৰ'ছ ছ’চাইটিৰ সহযোগত ৰক্ত দান শিবিৰ ৷ আজি মহামানৱ মহাত্মা গান্ধীৰ জন্মদিনৰ পবিত্ৰ ক্ষণত টীয়কৰ মা বিবাহ ভৱনত এটি ৰক্তদান শিৱিৰ আয়োজন কৰে সংগঠন কেইটাই । ক’ৰণা মহামাৰীৰ সময়তে বিশেষকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ৰক্ত ভাণ্ডাৰত ৰক্তৰ নাটনি হোৱাৰ বাবে ৰোগীসকলৰ মাজত যি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তাক কিছু পৰিমাণে হ'লেও সকাহ দিয়াৰ উদ্দেশ্য এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰিছে উদ্যোক্তাসকলে ।
উক্ত কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলাৰ সভাপতি উমেশ বৰা, যোৰহাট ব্লাড বেংকৰ ভাৰপ্ৰাপ্ত বিষয়া শ্বমিম ৰহমান,যোৰহাট বাৰ এচ‘চিয়েছনৰ সম্পাদক দ্বীপ ৰঞ্জন চুতীয়া, কৰ্মচাৰী পৰিষদৰ টীয়ক আঞ্চলিকৰ সভাপতি দিলীপ বৰা, যোৰহাট জিলা ৰেড ক্ৰছ ছ’চাইটিৰ সম্পাদক দীপক চক্ৰৱৰ্ত্তী, বীৰ লাচিত সেনা যোৰহাট জিলাৰ সংগঠনিক সম্পাদক সিদ্ধাৰ্থ বৰুৱা উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। উল্লেখযোগ্য যে, প্ৰায় শতাধিক পুৰুষ মহিলাই স্ব-ইচ্ছাই ৰক্তদান কৰি কাৰ্যসূচীত অংশ গ্ৰহণ কৰে ৷
লগতে পঢ়কঃ বিটিচি পৰিষদীয় নিৰ্বাচন শীঘ্ৰে অনুষ্ঠিত কৰাৰ দাবীত দল সংগঠনৰ প্ৰতিবাদ