ETV Bharat / state

টীয়কত বিজেপিত যোগদান শতাধিক লোকৰ

author img

By

Published : Oct 22, 2020, 9:56 AM IST

বিধানসভা নিৰ্বাচনৰ পূৰ্বে টীয়কত অনুষ্ঠিত হয় এখন সভা ৷ সভাত উপস্থিত থাকে বহু গণ্য-মান্য ব্যক্তি ৷ এই সভাত শতাধিক লোকে যোগদান কৰে বিজেপিত ৷

Teok bjp meeting
টীয়কত বিজেপিত যোগদান শতাধিক লোকৰ

টীয়ক,22অক্টোবৰ: ৰাজ্যত সমাগত বিধানসভা নিৰ্বাচন । দেশ যদিও কৰ'ণা মহামাৰীত আক্ৰান্ত তৎসত্তেও চৰকাৰী নীতি নিৰ্দেশনা অৱলম্বন কৰি সমগ্ৰ ৰাজ্যতে প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্যে কুচ-কাৱাজ আৰম্ভ কৰিছে । শাসনাধিষ্ঠ বিজেপি চৰকাৰেও ইয়াৰ ব্যতিক্ৰম নহয় । সমগ্ৰ ৰাজ্যতে প্ৰতি দিনেই পঞ্চায়তে-পঞ্চায়তে সাংগঠনিক সভা অনুস্থিত কৰি তৃণমূল পৰ্যায়ৰ কৰ্মকৰ্তা সকলৰ লগত আলোচনাত মিলিত হৈছে বিজেপি চৰকাৰ ।

টীয়কত বিজেপিত যোগদান শতাধিক লোকৰ

ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে ১০২ নং টীয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত দুয়োটা মণ্ডলতে ইতিমধ্যে সাংগঠনিক কাম-কাজ আৰম্ভ কৰিছে ৰাজনৈতিক দলটোৱে । সমষ্টিটোৰ কলিয়াপানী মণ্ডল বিজেপিৰ অন্তৰ্গত তথা মিত্ৰ দল অগপৰ দুৰ্গ হিচাপে পৰিচিত ভগামুখ পঞ্চায়ত,কংগ্ৰেছৰ দুৰ্গ গাখীৰখোৱা পঞ্চায়ত,পূৱ টীয়ক,মধ্য টীয়ক গাঁও পঞ্চায়ত এলেকাত বিগত দুটা দিনত সাংগঠনিক সভা তথা যোগদান সভা অনুস্থিত কৰি বিজেপি দলৰ তৃণমূল শক্তি প্ৰদৰ্শন কৰিছে । মণ্ডলটোৰ অন্তৰ্গত ১০খন পঞ্চায়তৰ চাৰিখন পঞ্চায়তত এই পৰ্যন্ত প্ৰায় পাঁচ শতাধিক লোকে বিজেপি দলত আনুষ্ঠানিকভাৱে যোগাদান কৰি বিজেপি দলৰ ভেটি অধিক শক্তিশালী কৰি তুলিছে ৷ অনাগত দিনত আৰু বহু নতুন মুখৰ আগমণ ঘটিব বুলি আশা প্ৰকাশ কৰে বিজেপি দলে ।

কলিয়াপানী মণ্ডল বিজেপিৰ সভাপতি দীপক শইকীয়াৰ নেতৃত্বত আয়োজিত এই সভাসমূহত মণ্ডল প্ৰভাৰী তথা জিলাৰ সম্পাদক দেৱজিত সোণোৱাল, অমৰ শইকীয়া, প্ৰাক্তন জিলা সভাপতি জিতু হাজৰিকা, সম্পাদিকা ৰুমী চেতীয়া,মণ্ডলৰ সম্পাদকদ্বয়ৰ লগতে বিষয়ববীয়া উপস্থিত থাকে ৷ আগন্তুক দিনত সদস্য সকলৰ লগত দলৰ কৰণীয়ৰ ওপৰত আলোচনা কৰা হ'ব বুলি সভাত উল্লেখ কৰে বিজেপি দলৰ সদস্যই ।

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় কৃষি বিপনণ পৰিষদৰ অধ্যক্ষ জেষ্ঠনেতা পালিত কুমাৰ বৰাও কেইবাখনো সভাত উপস্থিত থাকি ২১ নিৰ্বাচনত সৰ্বসন্মতি ক্ৰমে টীয়কৰ প্ৰাৰ্থীত্ব বিজেপি দলক প্ৰদান কৰিবলৈ আহ্বান জনায় । সভা সমূহত নাৰীশক্তিৰ আগমণে অনাগত দিনত সাংগঠনিকভাৱে দলটোক অধিক শক্তিশালী কৰিব বুলি মন্তব্য কৰি এইবাৰ নাৰীক বিশেষ প্ৰাধান্য দিবলৈ দলৰ ৰাজ্যিক মুৰব্বীক আহ্বান জনাইছে সম্পাদিকা ৰুমী চেতীয়াই ।

অন্য এক খবৰৰ বাবে: কচুগাওঁ বনাঞ্চলত বন গাহৰি-পহু মাংসসহ তিনি চোৰাং চিকাৰী আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.