ETV Bharat / state

যোৰহাটৰ ৰাজপথত এইবাৰ পঁচাৰ জোঁৱায়েকৰ সন্ত্ৰাস

author img

By

Published : Aug 15, 2022, 7:54 PM IST

Updated : Aug 15, 2022, 9:00 PM IST

স্বাধীনতা দিৱসৰ দিনাই যোৰহাটত অঘটন ৷ স্বাধীনতা দিৱস উপলক্ষে যোৰহাটৰ হৰিজন কলনিৰ পৰা স্থানীয় ৰাইজে বাহিৰ কৰিছিল এক শোভাযাত্ৰা ৷ এই শোভাযাত্ৰাত অংশ লোৱা লোকসকলক মুনমুন তাঁতী আৰু তেওঁৰ সহযোগীয়ে খুন্দিয়াবলৈ উদ্যত হোৱা বুলি অভিযোগ উত্থাপন কৰে অঞ্চলটোৰ লোকে ৷ তাৰ পাচতে সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতি (Tense situation in Jorhat) ৷

Tense situation in Jorhat
ৰাজপথত এইবাৰ পঁচাৰ জোঁৱায়েকৰ সন্ত্ৰাস

যোৰহাট, 15 আগষ্ট : যোৰহাটত অঘটন ৷ স্বাধীনতা দিৱসৰ দিনাই হঠাৎ উত্তপ্ত হৈ পৰিল যোৰহাট নগৰ (Tension prevails in Jorhat town on Independence Day) ৷ হৰিজন কলনিৰ কেইবা শতাধিক লোকে ঘেৰাও কৰেহি থানা । এজন যুৱকৰ বাবেই যোৰহাট সৃষ্টি হয় এই হুলস্থূলীয়া পৰিৱেশৰ ৷

আপোনালোকৰ মনত আছেনে বাৰু যোৰহাটৰ হৰিজন কলনিৰ সেই কুখ্যাত পঁচাৰ কথা ? ড্ৰাগছ জুৱা আৰু অসমাজিক কাম-কাজৰ ঘাটি চলাই এক প্ৰকাৰ উঠি ৰজা বহি ৰজা হৈ পৰিছিল হৰিজন কলনিৰ পঁচাই । গাঁৱৰ মানুহক পঁচা বাহিনীয়ে যেতিয়াই তেতিয়াই কৰিছিল আক্ৰমণ । অৱশেষত সেই পঁচা আৰক্ষীৰ গুলীত আহত হৈ এতিয়া ঠাণ্ডা হৈছে ।

যোৰহাটৰ ৰাজপথত এইবাৰ পঁচাৰ জোঁৱায়েকৰ সন্ত্ৰাস

কিন্তু এইবাৰ পঁচা নহয়, পঁচাৰ জোঁৱাই মুনমুন তাঁতী যোৰহাটৰ ৰাজপথত সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে ।

তথ্য অনুসৰি, হৰিজন কলনিৰ পৰা স্বাধীনতা দিৱস উপলক্ষে ৰাইজে উলিয়াইছিল এক শোভাযাত্ৰা (Independent day rally in Jorhat)। কিন্তু পঁচাৰ জোঁৱাই আৰু তেওক কেইজনমান সমনীয়াই এখন বিলাসী বাহনেৰে আহি শোভাযাত্ৰাত অংশ লোৱা লোকসকলক খুন্দিয়াবলৈ উদ্যত হয় । এই অভিযোগ অঞ্চলটোৰ ৰাইজৰ ৷ তাৰ পাচতে অঞ্চলটোত সৃষ্টি হয় এক উত্তেজনাময় পৰিৱেশৰ ৷

ইফালে অঞ্চলটোৰ ৰাইজে উক্ত বাহনখন আগচি ধৰি যুৱক কেইজনক আটক কৰিবলৈ চেষ্টা চলাই ৷ কিন্তু যুৱককেইজনে ওলোটাই ৰাইজৰ বিৰুদ্ধেহে এজাহাৰ দাখিল কৰিবলৈ যোৰহাট থানাত উপস্থিত হয়গৈ ৷ ইয়াৰ পাচতে হৰিজন কলনিৰ কেইবা শতাধিক যুৱক তথা মহিলা গৈ থানা ঘেৰাও কৰি ন্যায় বিচাৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে ।

উল্লেখ্য যে, ৰমেশ বাছফৰ ওৰফে পঁচাৰ নাম লৈ এতিয়া তেওঁৰ পৰিয়ালৰ লোকে সন্ত্ৰাস সৃষ্টি কৰা ঘটনাই যোৰহাট চহৰত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷

লগতে পঢ়ক : গীৰ্জাৰ ভিতৰত জীৱন্তে অগ্নিদগ্ধ হৈ 41 গৰাকীৰ মৃত্যু, 55 গৰাকীৰ অৱস্থা সংকটজনক

Last Updated : Aug 15, 2022, 9:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.