যোৰহাট, ৯ মাৰ্চ: যোৰহাট জিলাৰ দিচৈ চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি (Tense situation in Jorhat)। এগৰাকী বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এই উত্তেজনাৰ ৷ বোৱাৰীহগৰাকীৰ মৃত্যুত নাম সাঙোৰ খোৱা এজন অভিযুক্তই বাগিচাখনত পুনৰ যোগদান কৰিবলৈ অহাত বৃহস্পতিবাৰে এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় (Tense situation at Dichoi tea estate)।
উল্লেখ্য় যে, ২০২১ চনৰ জুন মাহত দিচৈ চাহ বাগিচাখনৰ এগৰাকী বোৱাৰীৰ স্বামী গৃহত ৰহস্যজনকভাৱে মৃত্যু হৈছিল । সেই সময়ত উক্ত ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ ৷ এই ঘটনাত শহুৰেক জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছিল । আনকি শহুৰেকে জেলৰ ভাতো খাবলগীয়া হৈছিল । আজি এই অভিযুক্তই বাগিচাখনত যোগদান কৰিবলৈ অহাৰ পিছতেই শ্ৰমিকে বাগিচাখনৰ পৰিচালকক কলঘৰতে আৱদ্ধ কৰি এনে পৰিস্থিতিৰ সৃষ্টি কৰে ।
উল্লেখ্য় যে, বোৱাৰীগৰাকীৰ পিতৃ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত স্বামী পৰিয়ালৰ কেইবাগৰাকীও সদস্য জেল হাজোতলৈ যাব লগীয়া হৈছিল । বোৱাৰীগৰাকীৰ মৃত্যুত শহুৰেক জড়িত থকা অভিযোগ উঠিছিল । আজি দিচৈ চাহ বাগিচাত বোৱাৰীগৰাকীৰ শহুৰেকে কামত যোগদান কৰিবলৈ অহাত বাগিচাৰ শ্ৰমিকে পৰিচালকক কলঘৰতে আৱদ্ধ কৰাৰ লগতে শহুৰেকক মাৰধৰ কৰিবলৈ উদ্যত হয় ।
এনে অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টি হোৱাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দিচৈ চাহ বাগিচাত উপস্থিত হয় মৰিয়নিৰ দণ্ডাধীশ, মৰিয়নি আৰক্ষী আৰু দেবেৰাপাৰ আৰক্ষীৰ এক বৃহৎ দল । অৱশ্য়ে নিৰাপত্তা বাহিনীয়ে কিছুসময় পিচত এই উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।
আনহাতে, ভিতৰি ভিতৰি চাহ শ্ৰমিক সকলৰ মাজত উমি উমি জ্বলি থকা জুয়ে যাতে পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিব নোৱাৰে সেইবাবে দিচৈ বাগিচাত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে । উল্লেখ্য় যে, দিচে চাহ বাগিচাৰ এগৰাকী বোৱাৰীক স্বামী ঘৰত অকথ্য় নিৰ্যাতন চলাই মৃত্যু মুখলৈ ঠেলি দিয়া কাৰ্যত প্ৰত্যক্ষভাৱে জড়িত থকাৰ অভিযোগ উঠিছিল আজি যোগদান কৰিবলৈ অহা বোৱাৰীগৰাকীৰ শহুৰেকৰ বিৰুদ্ধে ।
লগতে পঢ়ক:Satish Kaushik death: Mr India ৰ Calendar চৰিত্ৰৰে দৰ্শকৰ হৃদয় জিনা সতীশ কৌশিক গ’লগৈ অজান দেশলৈ