ETV Bharat / state

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ চৰকাৰক আহ্বান একাংশ অস্থায়ী স্বাস্থ্যকৰ্মীৰ

author img

By

Published : Jun 12, 2020, 2:04 PM IST

দহ বছৰৰ অধিক সময় অস্থায়ী ভিত্তিত নিয়োজিত স্বাস্থ্যকৰ্মী সকলক সকলো চৰকাৰী সুবিধা প্ৰদানৰ বাবে উচ্চ ন্যায়ালয়ে প্ৰদান কৰা নিৰ্দেশনাক অতি শীঘ্ৰেই কাৰ্যকৰী কৰাৰ আহ্বান টীয়ক এফ.আৰ.ইউৰ একাংশ অস্থায়ী স্বাস্থ্যকৰ্মীৰ ৷

temporary health worker's request to assam govt

টীয়ক, 12 জুনঃ কৰ'ণা মহামাৰীৰ ত্ৰাসৰ এই সময়ছোৱাত নিজৰ জীৱনক তুচ্ছ কৰি সমাজৰ হকে কাম কৰি গৈছে চিকিৎসা কৰ্মী সকলে ৷ কিন্তু এনে সময়তে উত্থাপন হৈছে এক অভিযোগৰ ৷ উল্লেখ্য যে, অস্থায়ী স্বাস্থ্যকৰ্মী সকলে উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰ ভিত্তিত, দহ বছৰৰ অধিক সময় অস্থায়ী ভিত্তিত নিয়োজিত স্বাস্থ্যকৰ্মী সকলক সকলো চৰকাৰী সুবিধা প্ৰদান কৰি চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ পদ মৰ্যদাৰে স্থায়ী নিযুক্তি দিবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ ন্যায়ালয়ে এই নিৰ্দেশনা প্ৰদান কৰা সময় প্ৰায় 3 বছৰ অতিক্ৰম কৰিলে ৷ কিন্তু অন্য বিভাগ সমূহৰ দৰে স্বাস্থ্য বিভাগে আজি পৰ্যন্ত এই নিৰ্দেশনা কাৰ্যকৰী নকৰাত সম্প্ৰতি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ অসম চৰকাৰক আহ্বান একাংশ অস্থায়ী স্বাস্থ্যকৰ্মীৰ

কিয়নো সমসাময়িক পৰিস্থিতিত ৰাজ্যৰ ভিন্ন চিকিৎসালয়ত দিন ৰাতি একাকাৰ কৰি অস্থায়ী ভিত্তিত নিয়োজিত স্বাস্থ্য কৰ্মীসকলে তেওঁলোকৰ সেৱা আগবঢ়াই আহিছে ৷ টীয়ক এফ.আৰ.ইউত নিয়োজিত এনে একাংশ স্বাস্থ্যকৰ্মীয়ে এতিয়া উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক স্বাস্থ্য বিভাগে আজিলৈ গুৰুত্ব নিদিয়াৰ অভিযোগত ক্ষোভ উজাৰিছে ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীলৈ তেওঁলোকৰ আহ্বান অতি শীঘ্ৰেই যেন এই বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰে তেওঁলোকে ৷

লগতে পঢ়কঃ বাঘজানৰ ঘটনা তদন্তৰ বাবে তিনিজনীয়া কমিটী গঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.