ETV Bharat / state

Tarun Gogoi 2nd death anniversary: দ্বিতীয় মৃত্যু বাৰ্ষিকীত পিতৃক সুৱঁৰিলে সাংসদ পুত্ৰ গৌৰৱ গগৈয়ে - Tarun Gogoi death anniversary celebrated in Jorhat

যোৰহাটত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী পালন(Tarun Gogoi death anniversary) ৷ যোৰহাটৰ মাজমজিয়াস্থিত মেলেনিয়াম পাৰ্কত আয়োজন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ (Tarun Gogoi death anniversary celebrated in Jorhat)৷

Tarun Gogoi death anniversary celebrated in Jorhat
Tarun Gogoi 2nd death anniversary: প্ৰয়াত মুখ্যমন্ত্ৰী দ্বিতীয় মৃত্যু বাৰ্ষিকত উপস্থিত সাংসদ পুত্ৰ গৌৰৱ গগৈ
author img

By

Published : Nov 23, 2022, 10:57 PM IST

যোৰহাট,20 নৱেম্বৰ: আজি প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী যোৰহাটত পালন কৰা হয়(Tarun Gogoi death anniversary celebrated in Jorhat) । সাংসদ পুত্ৰ গৌৰৱ গগৈয়ে আজি যোৰহাটত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দ্বিতীয় মৃত্যুৰ বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে (Tarun Gogoi death anniversary celebrated in Jorhat)। প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ গৃহ জিলা যোৰহাটত বিভিন্ন দল-সংগঠনৰ লগতে কংগ্ৰেছে প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীক স্মৰণ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে (Tarun Gogoi 2nd death anniversary)।

দ্বিতীয় মৃত্যু বাৰ্ষিকীত পিতৃক সুৱঁৰিলে সাংসদ পুত্ৰ গৌৰৱ গগৈয়ে

আনহাতে আজি যোৰহাটৰ মাজমজিয়াস্থিত মেলেনিয়াম পাৰ্কত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ফেন ক্লাৱ আৰু যোৰহাট জিলা কংগ্ৰেছে দ্বিতীয় মৃত্যু বাৰ্ষিকী অনুষ্ঠান পালন কৰে । দিনৰ ভাগত প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি অৰ্পণেৰে তেওঁৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰা হয় । শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি দিহানাম ,বৰগীত , জিকিৰ আদি অনুষ্ঠানৰ আয়োজন কৰা হয় ।

বিভিন্নজনে গগৈৰ কৰ্মৰাজি আৰু তেওঁ কাৰ্যকালত হৈ যোৱা ৰাজহুৱা আৰু ব্যক্তিগত প্ৰতিষ্ঠানৰ সৃষ্টিৰ বিষয়ে আলোকপাত কৰে ৷ লগতে একাংশ অনুৰাগীয়ে তেওঁৰ সৃষ্টিৰাজিৰ ওপৰত কবিতা পাঠ কৰে । যি গৰাকী ব্যক্তিয়ে নিজৰ কথা নাভাবি ৰাজ্যৰ হিতৰ কাৰণে কাম কৰিছিল তেওঁৰ বাবে জাতি ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো লোক ওলাই আহি তেওঁৰ প্ৰতিচ্ছৱিত শ্ৰদ্ধা জ্ঞাপন কৰি তেওঁক স্মৰণ কৰে ।

আজি যোৰহাটৰ মাজমজিয়াস্থিত মেলেনিয়ামত পাৰ্কত আয়োজন কৰাৰ প্ৰয়াত মুখ্যমন্ত্ৰী দ্বিতীয় মৃত্যুৰ বাৰ্ষিক অনুষ্ঠানত উপস্থিত থাকে তেওঁৰ পুত্ৰ তথা কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ । সোঁৱৰণী অনুষ্ঠানটোত সাংসদ গৌৰৱ গগৈৰ লগতে প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ বহু অনুৰাগীয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: Pradyut Bordoloi on Assam Meghalaya border conflict: জ্বলা জুইত ঘিউ নাঢালিবলৈ আহ্বান সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.