ETV Bharat / state

আজিও সম্পূৰ্ণ নহ'ল ৮৩ৰ ছহীদ পোৱাল দাসৰ স্মৃতি সৌধ - পোৱাল দাসৰ ৩৭ সংখ্যক মৃত্যু দিৱস

জাতিৰ অস্বিত্ব ৰক্ষাৰ বাবে জীৱন বলিদান দিয়া পোৱাল দাসৰ আজি ৩৭ সংখ্যক মৃত্যু দিৱস । পৰিতাপৰ কথা আজিও সম্পূৰ্ণ নহ'ল ছহীদ গৰাকীৰ বাসগৃহৰ কাষতে নিৰ্মাণ কৰা স্মৃতি সৌধৰ নিৰ্মাণ কাৰ্য ।

swahid pual das cemetry
ছহীদ পোৱাল দাসৰ স্মৃতি সৌধ
author img

By

Published : Feb 14, 2020, 9:09 PM IST

টিয়ক,14 ফেব্ৰুৱাৰীঃ অসমৰ অস্বিত্ব ৰক্ষা আন্দোলনৰ ভৰপক সময়তে অসমবাসীৰ বিৰোধিতাৰ স্বত্বেও ১৯৮৩ চনত অনুষ্ঠিত কৰা নিৰ্বাচন বৰ্জনৰ বাবে ৰাজথলৈ ওলাই আহিছিল আন বহুতৰ লগতে যোৰহাট জিলাৰ টীয়কৰ বনাই পথলিয়ালৰ চফল ডেকা পোৱাল দাস। ৰাজপথত অন্যান্য সকলৰ লগতে দাসেও নিৰ্বাচন বৰ্জনৰ বাবে ৰাইজক আহ্বান জনাই থকাৰ সময়তে ভোট কেন্দ্ৰত কতৰ্ব্যৰত চি আৰ পি এফে বন্দুকেৰে গুলিয়াই হত্যা কৰে দাসক। জাতিৰ অস্বিত্ব ৰক্ষাৰ বাবে জীৱন বলিদান দিয়া পোৱাল দাসৰ আজি ৩৭ সংখ্যক মৃত্যু দিৱস। ছহীদ গৰাকীৰ মৃত্যু দিৱসৰ দিনটোত পৰিয়ালৰ লগতে ছাত্ৰ সন্থাই মনত পেলাইছে তেওঁৰ ত্যাগৰ কথা। কিন্তু পৰিতাপৰ কথা ছহীদ গৰাকীৰ বাসগৃহৰ কাষতে নিৰ্মাণ কৰা স্মৃতি সৌধৰ নিৰ্মাণ কাৰ্য আজিও সম্পূৰ্ণ নহ'ল । ছাত্র সন্থাই নিৰ্মাণৰ কাম আৰম্ভ কৰি আধৰুৱা কৰি থোৱা স্মৃতি সৌধটোৰ বাবে বৰ্তমানৰ ৰাজ্য চৰকাৰে ছহীদ বেদী উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনিৰ যোগদি স্থানীয় বিধায়িকা ৰেণুপমা ৰাজখোৱাই এক লাখ টকাৰ আঁচনি গ্ৰহণ কৰে যদিও আজি পৰ্যন্ত স্মৃতি সৌধৰ কাম সম্পূৰ্ণ নহ'ল। ফলত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ৩৭ টা বছৰে ছহীদ গৰাকীৰ সোঁৱৰণত নিৰ্মাণ কৰা স্মৃতি সৌধ সম্পূৰ্ণ হৈ নুঠা কাৰ্যই ছহীদ গৰাকীক যেন অপমান কৰিছে বুলিও বহুতে মতপোষণ কৰিছে ।

৮৩ৰ ছহীদ পোৱাল দাসৰ স্মৃতি সৌধ

লগতে পঢ়কঃগুৱাহাটীত বলীউডৰ নামী-দামী তাৰকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.