ETV Bharat / state

সোৱণশিৰিত নদীয়ে খেদিছে নৈপৰীয়াক - জলসম্পদ বিভাগ

মাজুলীত সোৱণশিৰিৰ কালৰূপ । বিঘাই বিঘাই মাটি জাহ গৈছে নদীৰ বুকুত । ১নং মিছামৰা 200 টা পৰিয়াললৈ ভয়াবহ সংকট । নেদেখা জনৰ ওচৰত শৰণাপন্ন গঞা ৰাইজ ।

নদীয়ে খেদিছে নদীক ভাল পোৱা সোৱণশিৰিৰ নৈপৰীয়াক

author img

By

Published : May 17, 2021, 5:40 PM IST

Updated : May 17, 2021, 6:15 PM IST

মাজুলী,17 মে’: নামনি মাজুলী কৰতিপাৰ পঞ্চায়তৰ অন্তৰ্গত 1 নং মিছামৰাত কালৰূপ ধাৰণ কৰিছে সোৱণশিৰি নৈৰ খহনীয়াই ৷ চপৰা চপৰে খহিছে সোৱণশিৰিৰ গৰা ৷

বিনিদ্ৰ ৰজনী কটাইছে এতিয়া অঞ্চলটোৰ দুই শতাধিক পৰিয়ালে ৷ কেইবাটাও পৰিয়ালে আশ্ৰয় ল’ব লগাত পৰিছে আন ঠাইত । সোৱণশিৰিত জাহ গৈছে বিঘাই বিঘাই ভূমি । নদীয়ে খেদিছে এতিয়া নদীক ভাল পোৱা সহজ সৰল মিছিং জনগোষ্ঠীৰ লোক সকলক ৷

নদীয়ে খেদিছে নদীক ভাল পোৱা সোৱণশিৰিৰ নৈপৰীয়াক

বিজ্ঞানসন্মতভাৱে সুৰক্ষাৰ আঁচনিৰ কাম নকৰিলে জলসম্পদ বিভাগে । নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি প্ৰদান কৰি মূৰকত পাহৰি যোৱা সাংসদ প্ৰদান বৰুৱাৰ ওপৰত ক্ষোভ উজাৰিছে এতিয়া সহনীয়াগ্ৰস্তই । মাজুলীৰ বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতি অকৃত্ৰিম মৰম আছে এইসকল লোকৰ । সোৱণশিৰিৰ পাৰত সোণোৱালৰ ফটো ৰাখি বন্তি জ্বলাই কাকুতি ঘোষা জুৰিছে গাঁওবাসীয়ে ।

কালৰূপ ধৰা সোৱণশিৰিৰ ভয়ংকৰ খহনীয়াত নিঃশেষ হৈ যাবলৈ ধৰিছে এখন বিশাল গাঁও । কিন্তু তৎস্বৰ্তেও কাণষাৰ নাই জলসম্পদ বিভাগৰ ৷ শংকাত হাহাকাৰ কৰিব লগীয়া হৈছে গাঁওবাসীয়ে ৷ উপায়হীন হৈ নেদেখাজনৰ শৰণাপন্ন হৈছে গঞা ৰাইজে ৷

লগতে পঢ়ক: গ্ৰীষ্মৰ আগমনত ৰঙীণ সাজেৰে সাজিছে প্ৰকৃতিয়ে

Last Updated : May 17, 2021, 6:15 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.