ETV Bharat / state

মাংসৰ দোকানত মাংসৰ সলনি ওলাল ড্ৰাগছ

author img

By

Published : Feb 26, 2021, 9:12 AM IST

মাংসৰ দোকানত মাংসৰ সলনি উপলব্ধ হৈছে নিচাজাতীয় সামগ্ৰী ৷ যোৰহাটৰ অতিলা গাঁৱৰ এখন মাংসৰ দোকানত বৃহস্পতিবাৰে নিশা উদ্ধাৰ হয় ড্ৰাগছ ৷ আটক জান গগৈ নামৰ এজন যুৱক ৷

মাংসৰ দোকানত মাংসৰ সলনি ওলাল ড্ৰাগছ
মাংসৰ দোকানত মাংসৰ সলনি ওলাল ড্ৰাগছ

যোৰহাট, 26 ফেব্ৰুৱাৰী: ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ এইবাৰ যোৰহাট আৰক্ষীয়ে উচ্ছেদ কৰিলে ড্ৰাগছৰ ঘাটি ৷ যোৰহাটৰ অতিলা গাঁৱৰ এখন মাংসৰ দোকানত বৃহস্পতিবাৰে নিশা উদ্ধাৰ হয় ড্ৰাগছ ৷ এই ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত জান গগৈ নামৰ যুৱক জনক আটক কৰিছে আৰক্ষীয়ে ৷

মাংসৰ দোকানত মাংসৰ সলনি ওলাল ড্ৰাগছ

উল্লেখ্য যে, যুৱক জনৰ ভাষ্য অনুসৰি পাঞ্চি দত্ত নামৰ মহিলা গৰাকীয়ে যুৱক জনক এই ড্ৰাগছৰ টেমা কেইটা আনিবলৈ কৈছিল ৷ ইতিমধ্যে আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ মাংসৰ দোকানত ড্ৰাগছ উদ্ধাৰ হোৱা ঘটনাক লৈ যোৰহাট অঞ্চলত সৃষ্টি হৈছে উত্তেজনাময় পৰিস্থিতিৰ ৷

ৰাজ্যৰ মাংসৰ দোকানত মাংসৰ সলনি নিচাজাতীয় সামগ্ৰী উদ্ধাৰ হোৱা ঘটনাই এতিয়া ৰাজ্যৰ সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়কঃ মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.