ETV Bharat / state

যোৰহাটত BSNL কাৰ্যালয়ৰ চৌহদৰ ভিতৰত এজনৰ আত্মহত্যা

author img

By

Published : Aug 12, 2020, 9:21 PM IST

ঋনলৈ লোৱা ধন উভতাই দিব নোৱাৰাৰ বাবেই ব্যক্তিজনে আত্মহত্যা কৰে বুলি জানিব পৰা গৈছে ৷ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি জনৈক জগত নামৰ লোকজনে আত্মহত্যাৰ বাবে বাধ্য কৰাইছে লোক জনক ৷

suicide at Jorhat
suicide at Jorhat

যোৰহাট, 12 আগষ্টঃ বুধবাৰে যোৰহাটত আত্মহত্যাৰ ঘটনা সংঘটিত হয় ৷ বি এচ এন এল কাৰ্যালয়ৰ চৌহদৰ ভিতৰত সংঘটিত হয় এই ঘটনা ৷ নিতুল দাস নামৰ এজন ব্যক্তিয়ে চিপ লৈ আত্মহত্যা কৰে ৷

ধাৰলৈ লোৱা ধন উভতাই দিব নোৱাৰাৰ বাবেই ব্যক্তিজনে আত্মহত্যা কৰে বুলি জানিব পৰা গৈছে ৷ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি জনৈক জগত নামৰ এগৰাকী ব্যক্তিৰ পৰা ঋণ লৈছিল নিতুল দাসে ৷ কিন্তু ধন উভতাই দিব নোৱাৰৰ বাবে লোকজনক জনৈক জগতে মাৰ-পিটৰ ভাবুকি দিয়াৰ লগতে নিতুলক আত্মহত্যা কৰিবৰ বাবেও পৰোচিত কৰা বুলি পৰিয়ালৰ লোকে উল্লেখ কৰিছে ৷

যোৰহাটত BSNL কাৰ্য্যালয়ৰ চৌহদৰ ভিতৰত এজনৰ আত্মহত্যা

এখন সাধাৰণ পান তামোলৰ দোকান দি জীৱন নিৰ্বাহ কৰাৰ লগতে পৰিয়াল পোহ-পাল দিছিল নিতুল দাসে ৷ নিতুল দাসৰ ঘৰ জাঁজীমুখত যদিও তেওঁ যোৰহাটৰ মালৌ আলিত ভাড়া ঘৰত আছিল ৷ ইতিমধ্যে আৰক্ষী ঘটনা স্থলিত উপস্থিত হৈ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে ৷ ইতিমধ্যে আৰক্ষী ঘটনা স্থলিত উপস্থিত হৈ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়কঃ ক'ত, কেনেকৈ আছে এছিয়াৰ সবাটোকৈ বয়স্ক হাতীটো ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.