যোৰহাট, 25 জুনঃ সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত ফলাফলে গৌৰৱ কঢ়িয়াই আনিছে যোৰহাটবাসীলৈ ৷ যোৰহাটৰ ক্ৰিছেণ্ট একাডেমীৰ ছাত্ৰী শুভাকাংক্ষী আত্ৰেয়ই দশম স্থান দখলেৰে গৌৰৱ কঢ়য়াই আনিছে সমগ্ৰ যোৰহাটলৈ ৷ মুঠ 466 নম্বৰ লাভ কৰি দশম স্থানত উজ্বলিল ছাত্ৰী গৰাকী ৷ যোৰহাটৰ চৰাইবাহীৰ কুহিয়াৰ বৰিয়া গাঁৱৰ মৃদুল বৰবৰা আৰু মিনাক্ষী বৰবৰাৰ কন্যা শুভাকাংক্ষীয়ে ভৱিষ্যতে নিজকে এগৰাকী শিক্ষয়িত্ৰী হিচাপে প্ৰতিষ্ঠা কৰাৰ আশা মনত পুহি ৰাখিছে ৷
![শুভাকাংক্ষী আত্ৰেয়](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-jrt-25jun-hs-result-10th-position-vis-byte-7203853_25062020093747_2506f_00338_407.jpg)
কোনো ধৰণৰ ঘৰুৱা শিক্ষাক অবিহনেই সফলতাৰ বাট বুলোৱা ছাত্ৰীগৰাকীৰ মতে, সমাজত যিমানেই ডাঙৰ ব্যক্তি নাথাকক কিয়, সকলোৰে ভেটি গঢ়ে এগৰাকী শিক্ষকেই ৷ যাৰ বাবে পূৰ্বৰে পৰাই ছাত্ৰী গৰাকী শিক্ষকতাৰ প্ৰতি আকৰ্ষিত হৈ আহিছে বুলি জানিবলৈ দিয়ে সংবাদ মাধ্যমযোগে ৷