যোৰহাট,৪ আগষ্ট: শুকুৰবাৰে যোৰহাট জিলা উপায়ুক্তৰ চৌহদৰ যোৰহাট জিলা ভেণ্ডৰ সন্থাৰ কাৰ্য্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰা হয় । শেহতীয়া কৈ চৰকাৰে মেনুৱেল ষ্টাম্প পেপাৰ বন্ধ কৰি ডিজিটেল ষ্টাম্প পেপাৰ প্ৰৱৰ্তন কৰাৰ যি ব্যৱস্থা গ্ৰহণ কৰিছে এই সন্দৰ্ভত আয়োজন কৰা হয় এই সংবাদমেলখন ।
উক্ত সংবাদমেলত উপস্থিত থাকি ভেণ্ডৰ সন্থাৰ সম্পাদক বিপুল হাজৰিকাই কয় যে, চৰকাৰে যোৱা ২৩ জুন তাৰিখে মেনুৱেল ষ্টাম্প পেপাৰসমূহ বন্ধ কৰিবৰ বাবে এক নিৰ্দেশনা জাৰি কৰিছে । যাৰ ফলত অসমৰ সাত হাজাৰ ভেণ্ডৰ পৰিয়ালৰ জীৱন অন্ধকাৰৰ দিশে গতি কৰিছে। তদুপৰি এক জুলাইৰ পৰা কোষাগাৰৰ পৰা দলিল উলিওৱাত বাধা আৰোপ কৰা হৈছে আৰু অক্টোবৰ মাহৰ পৰা সেই দলিলসমূহ একেবাৰে নিষ্ক্ৰিয় কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।
ই কেতিয়াও গ্রহণযোগ্য নহয় আমাৰ বাবে । অসমৰ আন্তঃগাঁথনি, জনগাঁথনি অন্য ৰাজ্যৰ তুলনাত যথেষ্ট বেলেগ । সেয়েহে আমাৰ অসমত যিসল গ্ৰাম্যাঞ্চলত বসবাস কৰে, সেই লোকসকলে ডিজিটেল সন্দৰ্ভত বিশেষ নাজানে । সেইবাবে আমি মেনুৱেল ষ্টাম্প পেপাৰ চলাই থকাটো বিচাৰো বুলি উল্লেখ কৰে । ডিজিটেলৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো আপত্তি নাই ।
ডিজিটেলৰ সমান্তৰাল কৈ মেনুৱেল পেপাৰ ব্যৱস্থাৰো প্রচলন অব্যাহত ৰখাৰ বাবে আমি পূৰ্বৰ পৰাই চৰকাৰক আহ্বান জনাই আহিছিলোঁ । অসমত মেনুৱেল ষ্টাম্প পেপাৰ অতিকৈ প্ৰয়োজন । সেইবাবে আমি অসমত ডিজিটেল ষ্টাম্প পেঁপাৰৰ সমান্তৰালভাৱে মেনুৱেল ষ্টাম্প পেপাৰ প্ৰচলন কৰিবৰ বাবে ৰাজ্য চৰকাৰক পুনৰ বিবেচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিবৰ বাবে আহ্বান জনাইছোঁ ।
ই দলিল ব্যৱস্থা গ্ৰহণ কৰা লগে লগে ৰাজ্যত মজুত থকা ৫০০ কোটি দলিল নষ্ট হৈ যোৱা সম্ভৱনা প্ৰকট হৈ পৰিছে ফলত হাজাৰ হাজাৰ কোটি টকা ধাৰত পোত যোৱা ৰাজ্য চৰকাৰখনে কিহৰ কাৰণত কোষাগাৰত এইসমূহ দলিল নষ্ট হ'বলৈ এৰি দিছে সেয়া এক ৰহস্যজনক বিষয় ।
উক্ত দলিলসমূহ যদি বিক্ৰী কৰিবলৈ নিদিয়ে তেতিয়া অসমৰ জনসাধাৰণৰ ধন ব্যয় হ'ব । সেই দলিলসমূহ বিক্ৰী কৰিবলৈ নিদিলে, চৰকাৰে যি ৰাজহ পায়, সেয়া হেৰুৱাব লাগিব লগতে অসমৰ ৰাইজৰ অসুবিধা হ'ব । আজিকালি মানুহৰ হাতে হাতে মোবাইল । যদি সেই মোবাইলৰ পৰা, ইণ্টাৰনেটত কেফেৰ পৰা দলিল ক্ৰয় কৰিব পাৰে, তেন্তে ভেণ্ডৰৰ প্ৰয়োজনীয়তা কত বুলি সংবাদমেলত প্ৰশ্ন উত্থাপন কৰে ।
লগতে তেওঁ কয় যে, এটা মাহ অতিক্ৰম কৰাৰ পাচতো কিন্তু কোষাগাৰত থকা দলিল উলিওৱাৰ ক্ষেত্ৰত বাধা আৰোপ কৰি থৈছে । কিন্তু ভেণ্ডৰসকলৰ যিখিনি ডিজিটেল ষ্টাম্প সেইয়া ২০০৬ চনৰ পৰাই আৰম্ভ হৈছিল । তেতিয়াৰ পৰাই ই মেনুৱেলৰ লগত সমপৰ্য্যায়ত চলি আহিছিল । সেয়েহে পূৰ্বৰ দৰে এতিয়াও অসমত সেইদৰে চলাই নিলে অসমৰ ৰাইজ উপকৃত হ'ব মত প্ৰকাশ কৰে ।
যদি চৰকাৰে ১৫ আগষ্টৰ ভিতৰত কোনো সিদ্ধান্ত গ্ৰহণ নকৰে তেন্তে অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলিও উল্লেখ কৰে হাজৰিকাই । উক্ত সংবাদমেলত সদৌ অসম ষ্টাম্প পেপাৰ বিক্রেতা সংস্থাৰ ক্ষীৰোদ বৰা, মৃদুল দত্ত, অপৰা দেৱী, সদৌ অসম ষ্টাম্প পেপাৰ বিক্রেতাৰ যোৰহাট জিলা সভাপতি জগত চন্দ্ৰ বৰা প্ৰমুখ্যে সদস্যসকল উপস্থিত থাকে ।
লগতে পঢ়ক: Eviction notice at Darangamela:ভাৰত ভূটান সীমান্তৱৰ্তী দৰঙামেলাত বন বিভাগৰ উচ্ছেদৰ জাননী