ETV Bharat / state

ক’ভিড নিয়মৰ মাজেৰে ৰাজ্যত উদযাপন শংকৰদেৱৰ জন্ম জয়ন্তী

author img

By

Published : Sep 26, 2020, 1:55 PM IST

শ্ৰীমন্ত শংকৰদেৱৰ 572 সংখ্যক জন্ম জয়ন্তী উদযাপন ৷ ক'ৰণাসৃষ্ট পৰিৱেশৰ বাবে অনুষ্টুপীয়াকৈ আয়োজন মহাপুৰুষ গৰাকীৰ জন্ম জয়ন্তী ৷ হৰি নামৰ ধ্বনিৰে মুখৰিত হ'ল ঢেকীয়াখোৱা বৰনামঘৰ ৷ নাৰায়ণপুৰতো উদযাপিত হ'ল গুৰুজনাৰ জন্ম জয়ন্তী ৷ পূৰ্বৰ তুলনাত কম ভক্তৰ সমাগম ৷

ভক্তৰ কম সমাগমৰ মাজতে ৰাজ্যত উদযাপন শংকৰদেৱৰ জন্ম জয়ন্তী

টীয়ক, বিহপুৰীয়া 26 চেপ্তেম্বৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি উদযাপিত হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 572 সংখ্যক জন্ম জয়ন্তী ৷ ৰাজ্যৰ অনান্য প্ৰান্তৰ লগতে যোৰহাট জিলাৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ আৰু লখিমপুৰৰ নাৰায়ণপুৰতো আজি মহাপুৰুষ গৰাকীৰ জন্মোৎসৱ পালন কৰা হৈছে ৷ যোৰহাটস্থিত ঢেকিয়াখোৱা বৰনামঘৰ পুৱাৰে পৰা হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰাৰ পৰিৱৰ্তে ক'ৰণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত অন্য বছৰৰ তুলনাত ম্লান পৰা দেখা গ'ল নাৰায়ণপুৰৰ পৰিৱেশ ৷

হৰি নামৰ ধ্বনিৰে মুখৰিত ঢেকিয়াখোৱা বৰনামঘৰ

উল্লেখ্য যে, নাৰায়ণপুৰৰ অগ্ৰণী ধৰ্মীয় অনুস্থান খেৰাজখাত শংকৰজ্যোতি জন্মোৎসৱ সমিতিয়ে বিগত ৫৩ বছৰে মহাপুৰুষ গৰাকীৰ জন্ম জয়ন্তী পালন কৰি আহিছে ৷ বিগত বৰ্ষসমূহত বৰ্ণাঢ্য কাৰ্যসূচীৰে 6 দিনীয়াকৈ পালন কৰি অহা অনুষ্ঠানলৈ বৃহত্তৰ অঞ্চলটোৰ সহস্ৰাধিক ভক্তপ্ৰাণ লোকৰ সমাগম হৈছিল ৷ কিন্তু এইবছৰ ক'ৰণাসৃষ্ট পৰিৱেশৰ বাবে অনুষ্টুপীয়াকৈ আয়োজন কৰাত যেন ম্লান পৰিল পূৰ্বৰ উৎসৱমুখৰ পৰিৱেশ ৷

ক'ৰণাসৃষ্ট পৰিৱেশৰ বাবে নাৰায়ণপুৰত অনুষ্টুপীয়াকৈ আয়োজন

ইফালে পুৱাৰে পৰা হৰি নামৰ ধ্বনিত ঢেকীয়াখোৱা বৰনামঘৰ প্ৰাংগণ মুখৰিত হৈ থাকিলেও ভক্তৰ সমাগম তুলনামূলকভাৱে পূৰ্বৰ তুলনাত হ্ৰাস পোৱা পৰিলক্ষিত হৈছে । মাধৱদেৱ গুৰুজনাই নিজে প্ৰজ্বলন কৰা অক্ষয় বন্তিৰ পৰা সকলোৰে মংগলৰ বাবে আশীৰ্বাদ প্ৰদান কৰিছে নামঘৰ পৰিচালনা সমিতিয়ে। উল্লেখযোগ্য যে অসম, ভাৰত তথা ভাৰতৰ বাহিৰৰ ভক্তসকলকো অনলাইন যোগে বৰনামঘৰৰ ফালৰ পৰা আশীৰ্বাদ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে নামঘৰ পৰিচালনা সমিতিয়ে।

লগতে পঢ়ক: স্থান এৰি মান হেৰুৱালে যতীন বৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.