ETV Bharat / state

Raas in Majuli: মাজুলীত ৰাস উপভোগ কৰিবলৈ নিমাতীঘাটত যাত্ৰীৰ ভিৰ

author img

By

Published : Nov 8, 2022, 1:28 PM IST

Updated : Nov 8, 2022, 1:51 PM IST

মাজুলীত ৰাস উপভোগ কৰিবৰ বাবে যোৰহাটৰ নিমাতীঘাট আৰু অফলামুখ ঘাটত ভক্তপ্ৰাণ ৰাইজৰ ব্যাপক ভিৰ (Raas in Majuli) । কটকটীয়া কৰিৰ তোলা হৈছে নিৰাপত্তা ব্যৱস্থা । উজনি-নামনিৰ সকলোতে এতিয়া শ্ৰীকৃষ্ণৰ ৰাসলীলাক লৈ সকলো ব্যস্ত (Sri Krishna Raas Leela) ।

Jorhat
Jorhat

যোৰহাট, ৮ নৱেম্বৰ : মাজুলীত ৰাস উপভোগ কৰিবৰ বাবে যোৰহাটৰ নিমাতী ঘাট আৰু অফলামুখ ঘাটত ভক্তপ্ৰাণ ৰাইজৰ ব্যাপক হাৰত ভিৰ পৰিলক্ষিত হৈছে (Raas in Majuli) । যাৰবাবে কটকটীয়া কৰিৰ তোলা হৈছে নিৰাপত্তা ব্যৱস্থা । উল্লেখ্য, উজনি-নামনি সকলোতে এতিয়া শ্ৰীকৃষ্ণৰ ৰাসলীলাক লৈ সকলো ব্যস্ত (Sri Krishna Raas Leela) ।

Raas in Majuli: মাজুলীত ৰাস উপভোগ কৰিবলৈ নিমাতীঘাটত যাত্ৰীৰ ভিৰ

শিল্পীৰ পৰা কলা-কুশলীলৈকে সকলোৱে ৰাসোৎসৱত নিজৰ প্ৰতিভা আৰু শ্ৰেষ্ঠতা উজাৰি দিছে । যেন একপ্ৰকাৰ গকুল, বৃন্দাবন আৰু মথুৰালৈ পৰ্যৱসিত হৈছে ৰাসস্থলীবোৰ (Raas in Assam) ।

ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে সত্ৰ নগৰী মাজুলীতো সোমবাৰৰ পৰা আৰম্ভ হৈছে শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা (unique Raas of Majuli) । সত্ৰ নগৰীৰ ৰাসৰ সুকীয়া মাদকতা আছে । সেয়েহে মাজুলীৰ ৰাস উপভোগ কৰিবলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দেশ-বিদেশৰ পৰ্যটকে ভিৰ কৰা পৰিলক্ষিত হয় ।

মাজুলীৰ ৰাস উপভোগ কৰিবলৈ ইতিমধ্যে যোৰহাটৰ নিমাতীঘাটত ভক্তপ্ৰাণ ৰাইজে ফেৰী তথা ৰোপেক্সৰ বাবে অপেক্ষাৰত অৱস্থাত আছে । সকলোৰে মনত এটাই কৌতুহল, কেতিয়া গৈ সত্ৰ নগৰী মাজুলীত উপস্থিত হৈ ৰাস উপভোগ কৰিব পাৰে । উল্লেখ্য, সত্ৰ নগৰীৰ ৰাস মহোৎসৱৰ প্ৰতি প্ৰধানত লক্ষ্য ৰাখিয়েই ইতিমধ্যে আভ্যন্তৰীণ জল পৰিৱহণ বিভাগে যাত্ৰীৰ সম্ভাৱ্য ভিৰৰ প্ৰতি লক্ষ্য ৰাখি কেইবাখনো ফেৰী তথা জাহাজ নতুনকৈ চলাচলৰ ব্যৱস্থাৰ কৰিছে (inland water transport department) ।

আনহাতে, যাত্ৰীসকলৰ সুগম যাত্ৰাৰ বাবে যাৱতীয় সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে । যোৰহাট জিলা প্ৰশাসনে ৰাসৰ দিনকেইটাত যাতে কোনো ধৰণৰ বেমেজালি সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি নিমাতীঘাট,অফলামুখ ঘাটৰ লগতে মাজুলীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে (special Ferry for Majuli Raas) ।

উল্লেখযোগ্য যে দুটা বছৰৰ বিৰতিৰ অন্তত ৰাজ্যৰ ইমূৰৰ পৰাৰ সিমূৰলৈ অতি আনন্দ-উল্লাসৰ মাজেৰে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে । ইতিমধ্যে বিদেশী পৰ্যটকসকলে মাজুলীৰ ৰাস উপভোগৰ বাবে যোৰহাটৰ নিমাতীঘাটত উপস্থিত হৈ ফেৰীৰে ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক পৰিৱেশ উপভোগ কৰি মাজুলীত উপস্থিত হৈছে ।

লগতে পঢ়ক :Rasslila at Kaliabor: কলিয়াবৰৰ ৰাসত কেলি-গোপাল

Last Updated : Nov 8, 2022, 1:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.