ETV Bharat / state

Audiometry and speech training: যোৰহাটত প্ৰতিবন্ধীসকলৰ বাবে মুকলি শ্ৰৱণ-কথনৰ প্ৰশিক্ষণ শিবিৰ - Audiometry and speech training

মুকবধিৰ ছাত্ৰ ছাত্ৰীসকলৰৰ সুবিধাৰ্থে তিতাবৰত মুকলি কৰা হয় অসমৰ প্ৰথমটো Audiometry and speech training কক্ষ (Schools and Training Centers for deaf and dumb in Jorhat)।

Speech Hearing Training Camp opened for disabled in Jorhat
মুকলি হ’ল কথন শ্ৰৱণ প্ৰশিক্ষণ শিবিৰ
author img

By

Published : Jan 17, 2023, 11:28 AM IST

যোৰহাট,17 জানুৱাৰী: বিশেষভাৱে সক্ষম ল’ৰা-ছোৱালীয়েও সপোন দেখে ৷ সমবয়সীয়া আনবোৰৰ দৰে বিশেষভাৱে সক্ষম ল’ৰা-ছোৱালীয়েও কটাব বিচাৰে সাধাৰণ জীৱন-শৈলী ৷ কিন্তু উপযুক্ত চিকিৎসা তথা পৰিৱেশৰ অভাৱত ভৱিষ্যৎ প্ৰজন্মৰ এই সকল নাগৰিকে তৈয়াৰ কৰি ল’বলগীয়া হয় এখন সুকীয়া পৃথিৱী ৷ এক পৰিধিৰ মাজত বনাই লোৱা এইখন পৃথিৱীয়ে যেন হৈ পৰে বিশেষভাৱে সক্ষম সকলো ল’ৰা-ছোৱালীৰ বাবে ৷

স্বাভাৱিক জীৱন-যাপন কৰিব পৰাকৈ তেওঁলোকক অৰ্থাৎ বিশেষভাৱে সক্ষম ল’ৰা-ছোৱালীখিনিক এখন পৃথিৱী দিবৰ বাবে বিভিন্নজনে বিভিন্ন সময়ত ভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰি আহিছে ৷ শেহতীয়াকৈ সোমবাৰে তিতাবৰত বিশেষভাৱে সক্ষম শিশু বা প্ৰতিবন্ধীসকলৰ বাবে মুকলি কৰা হয় এক বিশেষ ব্যৱস্থা ৷ জিলাখনৰ মুকবধিৰ বিদ্যালয় আৰু প্ৰশিক্ষণ কেন্দ্ৰত অসমৰ প্ৰথমটো অডিঅ’মেট্ৰি আৰু স্পীচ থেৰাপিৰ এটা কক্ষ শুভাৰম্ভ কৰা হয় (Schools and Training Centers for the Deaf in Jorhat)৷

এই শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন (Jorhat DC), জিলাখনত কৰ্ম সম্পাদন কৰি যোৱা প্ৰাক্তন উপায়ুক্ত তথা অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈন, ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰতাপ কছাৰীৰ লগতে বহুত কেইগৰাকী গণ্য মান্য ব্যক্তি (Schools and Training Centers for the Deaf in Jorhat) ।

সোমবাৰে শুভ উদ্বোধন কৰা এই Audiometry and speech training কক্ষটোৰ দ্বাৰা বিশেষভাৱে সক্ষম ল’ৰা-ছোৱালীখিনি বহুখিনি উপকৃত হ’ব পাৰিব বুলি আশা প্ৰকাশ কৰিছে যোৰহাট জিলাৰ প্ৰাক্তন উপায়ুক্ত তথা অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে ৷ তেখেতৰ স্বৰ্গীয় পিতৃ-মাতৃৰ নামত এই কক্ষ উচৰ্গা কৰে ৰমেশ চান্দব জৈনে । কক্ষটো ফিটা কাটি শুভাৰম্ভ কৰে যোৰহাট জিলা (Thengal Kachari Autonomous Council)ৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে । এই Audiometry and speech training দ্বাৰা প্ৰতিবন্ধী মুকবধিৰ ছাত্ৰ ছাত্ৰী সকল উপকৃত হ’ব বুলি আশা ব্যক্ত কৰে বিদ্যালয়খনৰ সঞ্চালিকা মিনো ধনদিয়া লগতে বিদ্যালয়ৰ কর্তৃপক্ষই ।

উল্লেখযোগ্য যে উক্ত প্ৰতিবন্ধী মুকবধিৰ বিদ্যালয় আৰু প্ৰশিক্ষণ কেন্দ্ৰত অসমৰ ভিতৰত প্ৰথমটো audiometry and speech therapy স্থাপন কৰাৰ ফলত অনাগত সময়ত সহস্ৰাধিক প্ৰতিবন্ধী লোক বিশেষ ভাবে উপকৃত হোৱাৰ লগতে এই কেন্দ্ৰটো অসমৰ অন্যান্য প্ৰান্তৰ বাবে হৈ পৰিব আদৰ্শস্বৰূপ ।

সোমবাৰে কেন্দ্ৰটো শুভ উদ্বোধন কৰাৰ পিছতেই প্ৰতিবন্ধী শিশু সকলৰ মাজত উছাহ-উদ্দীপনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢক : Pongal festival in TN: জল্লিকাট্টুৰ বিজয়ীয়ে উপহাৰ হিচাপে লাভ কৰিলে গাড়ী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.