ETV Bharat / state

Road Safety Week : যোৰহাটত পথ সুৰক্ষা সপ্তাহ উপলক্ষে বিশেষ অনুষ্ঠান

author img

By

Published : Jan 11, 2023, 3:27 PM IST

যোৰহাটত পথ সুৰক্ষা সপ্তাহ পালন (Road safety week in Jorhat) । কাছাৰী ময়দানত স্বচ্ছতা পাখৱাড়া অনুষ্ঠান । দুৰ্ঘটনা ৰোধৰ বাবে সজাগতা ৰেলী । অনুষ্ঠানত অংশগ্ৰহণ যোৰহাট জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, পৰিবহণ বিষয়াকে ধৰি বিভিন্ন লোকৰ ।

Jorhat
Jorhat
যোৰহাটত পথ সুৰক্ষা সপ্তাহ উপলক্ষে বিশেষ অনুষ্ঠান

যোৰহাট, ১১ জানুৱাৰী : ১১ জানুৱাৰীৰ পৰা ১৭ জানুৱাৰীলৈ যোৰহাটত পালন কৰাৰ হৈছে ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ (Road sefety week in Jorhat) । সেই উপলক্ষে যোৰহাট কাছাৰী ময়দানত 'পথ সুৰক্ষা জীৱন ৰক্ষা' আৰু 'স্বচ্ছতা পাখৱাড়া' উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় (Swacchata Pakhawada in Jorhat) ।

উল্লেখ্য, এক সমীক্ষা অনুসৰি সমগ্ৰ দেশতে পথ দুৰ্ঘটনাৰ ফলত প্ৰতিঘণ্টাত মৃত্যু হয় ১৭ জনকৈ লোকৰ । এই দুৰ্ঘটনা ৰোধ কৰাৰ তথা ইয়াৰ ওপৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হয় ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ (national road safety week) । ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহৰ উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় এখন বিশেষ সভা (meeting for road safety week in Jorhat) । পথ সুৰক্ষা সপ্তাহৰ লগত সংগতি ৰাখি যোৰহাট কাছাৰী ময়দানৰ পৰা যোৰহাট পৰিবহণ বিভাগ আৰু আৰক্ষী বাহিনীয়ে পথ সুৰক্ষাৰ সজাগতাৰ বাবে নগৰখনৰ মাজেৰে এক ৰেলী উলিয়ায় ।

উক্ত ৰেলীৰ (awareness rally for road safety week) জৰিয়তে সকলোকে যান-বাহন আইন মানি চলিবলৈ আহ্বান জনোৱাৰ লগতে অপ্ৰাপ্তবয়স্কসকলে যান-বাহন চলোৱা পৰাৰ বিৰত থাকক, পথত প্ৰতিযোগিতা কৰি গাড়ী নচলাব, আগত গৈ থকা বাহনখনৰ পৰাৰ সদায় সুৰক্ষিত দূৰত্বত গাড়ী চলাওক, নিজৰ লে'নত গতি কৰক, অভাৰটেকিং কৰোঁতে বিশেষভাৱে সাৱধান হওক, পথত থকা সাংকেতিক চিহ্নসমূহ অনুসৰণ কৰি বাহন চলাওক, মোবাইল ফোনৰ লগতে অন্যান্য ইলেকট্ৰনিক সামগ্ৰী বাহন চলাওঁতে ব্যৱহাৰ পৰাৰ বিৰত থাকক, হেড লাইটৰ ডিপাৰ নিশা যথাসময়ত ব্যৱহাৰ কৰক, পাৰ্কিঙৰ ব্যৱস্থা থকা ঠাইতহে গাড়ী ৰখাওক, পাৰ্কিং কৰোঁতে hand brake ব্যৱহাৰ কৰক, নিচাজাতীয় বস্তু সেৱন কৰি বাহন চলোৱা পৰাৰ বিৰত থাকক, প্ৰতিকূল বতৰত অতি সাৱধানেৰে বাহন চলাওক, দুচকীয়া বাহনৰ দুয়োজন আৰোহীয়ে হেলমেট পৰিধান কৰক, তীব্ৰ গতিত বাহন চলোৱাৰ পৰা বিৰত থাকক আদি নিয়ম সম্বলিত পত্ৰ বিতৰণ কৰে গাড়ীচালক তথা পথচাৰীসকলৰ মাজত ।

উল্লেখ্য, বুধবাৰে ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহৰ এই অনুষ্ঠানত যোৰহাট জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন, জিলা আৰক্ষী অধীক্ষক মোহনলাল মীনা, জিলা পৰিবহণ বিষয়া মণিৰুদ্দিন আহমেদসহ বহু লোকে অংশগ্ৰহণ কৰে । আনহাতে, অংশগ্ৰহণকাৰী লোকসকলে ৰাইজলৈ এটাই বাৰ্তা প্ৰেৰণ কৰে যে পথত যান-বাহন চলাওঁতে পৰিবহণ বিভাগে বান্ধি দিয়া নিয়মসমূহ মানি চলি নিজৰ জীৱনৰ লগতে পৰিয়ালৰ ভৱিষ্যত সুৰক্ষিত কৰক । তাৎপর্যপূর্ণ যে একাংশ উদণ্ড চালকৰ বাবে যোৰহাট জিলাত কেইবাটাও সৰু-বৰ পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে । যাৰ ফলত কেইবাজনো লোকে নিজৰ জীৱন অকালতে হেৰুৱাবলগীয়া হৈছে ।

লগতে পঢ়ক :Machhal sector tragedy : মাচাল চেক্টৰত দুৰ্ঘটনাত পতিত হৈ ৩ জোৱানৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.