ETV Bharat / state

বিচৰাৰ টকা নিদিয়াৰ বাবেই মৰিয়াই মৰিয়াই হত্যা মাতৃক - ন্যায়িক জিম্মা

মদৰ নিচাত মাতাল পুত্ৰ ধন মেচে বিচৰা টকা নিদিয়াৰ বাবেই মাতৃক হত্যা কৰাৰ অভিযোগ কৰিছে স্থানীয় লোকে ।

Son killed his Mother at Jorhat
ভোগালীৰ আনন্দৰ মাজতে নকছাৰিত পুত্ৰই হত্যা কৰিলে মাতৃক
author img

By

Published : Jan 15, 2021, 4:17 PM IST

Updated : Jan 15, 2021, 4:26 PM IST

যোৰহাট, 15 জানুৱাৰী : ভোগালী বিহুৰ আনন্দ উল্লাসৰ মাজতে যোৰহাটৰ নকছাৰিৰ ডেবেৰাপাৰ চাৰিআলি আৰক্ষী চকীৰ অন্তৰ্গত দুই নং দৰকিয়াল গাঁৱত সংঘটিত হৈছে জঘন্য হত্যাকাণ্ড ৷ শৈক্ষিক সমাজক লজ্জিত কৰাৰ লগতে মাতৃ পুত্রৰ পবিত্ৰ সম্পর্কক ভৰিৰে মোহাৰি জন্মদাত্ৰী মাতৃক হত্যা কৰে পুত্ৰই ৷ ন-কচাৰী ৰেল ষ্টেচনৰ সমীপৰ দুই নং দৰকিয়াল গাঁৱৰ ধন মেচ নামৰ যুৱকজনে নিজ মাতৃ নিৰ্মলা মেচক বাঁহেৰে মৰিয়াই হত্যা কৰাৰ অভিযোগ উঠিছে ।

ভোগালীৰ আনন্দৰ মাজতে নকছাৰিত পুত্ৰই হত্যা কৰিলে মাতৃক

অভিযুক্ত যুৱকজনৰ ককাকে নাতিয়েকৰ বিৰুদ্ধে মাতৃক হত্যা কৰাৰ অভিযোগ তুলি ডেবেৰাপাৰ চাৰিআলি আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ৷ এজাহাৰৰ পাছত ডেবেৰাপাৰ চাৰিআলি আৰক্ষী চকীৰ বিষয়া ৰাফচানজানী আহমেদ ঘটনাস্থলীত উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট মেডিকেল কলেজ আৰু চিকিৎসালয়লৈ প্রেৰণ কৰে ।

আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২ ধাৰাৰ অধীনত ১২/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি অভিযুক্ত ধন মেচক শুকুৰবাৰে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । স্থানীয় লোকৰ অভিযোগ মতে, মদৰ নিচাত মাতাল হৈ ধন মেচে মাতৃক বিচৰা টকা নিদিয়াৰ বাবেই হত্যা কৰে ।

লগতে পঢ়ক: শান্তি চুক্তিত স্বাক্ষৰ কৰিবলৈ সাজু আলোচনাপন্থী আলফা নেতা ৰাজু বৰুৱা

Last Updated : Jan 15, 2021, 4:26 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.