যোৰহাট, 15 এপ্ৰিল : বিহুৰ আনন্দ উল্লাসৰ মাজতে যোৰহাটত অঘটন ৷ গৰু বিহুৰ দিনাই বিহুৰ আনন্দ উলাহৰ মাজতে যোৰহাট জিলা অন্তৰ্গত তিতাবৰ মহকুমাৰ চৰাইপানীত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড ৷ গৰু বিহু দিনা সুৰাৰ ৰাগিত আসক্ত হৈ নিশা পুত্ৰই হত্যাৰ কৰে পিতৃক (Son killed his father at Titabor) । নিহত ব্যক্তিগৰাকীৰ নাম দেবেন কামাৰ আৰু অভিযুক্ত যুৱকজনৰ নাম মজেছ কামাৰ ।
চৰাইপানীৰ 18 নম্বৰ লাইনত সংঘটিত হৈছে এই বৰ্বৰ আৰু নৃশংস হত্যাকাণ্ডটো (Titabor murder case) । বিৱৰণি অনুসৰি, গৰু বিহুৰ দিনা ৰাতি দেবেন কামাৰে এটা সামান্য কথাতেই এটা পেন্ট ফালি পেলায় ৷ পেন্টটো ফালি পেলোৱাৰ বাবেই খঙত অগ্নিশৰ্মা হৈ পৰে পুত্ৰ মজেছ কামাৰ ৷ তাৰ পাচতে সুৰাৰ ৰাগিত আসক্ত হৈ থকা মজেছ কামাৰে হিতাহিত জ্ঞান হেৰুৱাই পিতৃ দেবেন কামাৰক প্ৰহাৰ কৰে ৷ পুত্ৰৰ প্ৰহাৰত ঘটনাস্থলীতে নিহত হয় পিতৃ দেবেন কামাৰ ৷
এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ ৷ তাৰ পাচতে স্থানীয় লোকে খবৰ দিয়ে আৰক্ষীক ৷ ঘটনাৰ খবৰ লাভ কৰি উক্ত স্থানত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ৷ লগতে শনিবাৰে তিতাবৰ আৰক্ষী পিতৃক হত্যা কৰাৰ অভিযোগত আটক কৰে অভিযুক্ত মজেছ কামাৰক । আনকি চৰাইপানীবাসীয়েও পিতৃহন্তা অভিযুক্ত মজেছ কামাৰক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰো দাবী জনাইছে (Murder in Jorhat) ৷
উল্লেখযোগ্য যে, ৰাজ্য দিনক দিনে বৃদ্ধি পাইছে হত্যাকাণ্ডৰ ঘটনা ৷ ক্ৰমাৎ যেন হত্যা-হিংসাৰ বধ্যভূমিত পৰিণত হৈছে এতিয়া অসম ৷ প্ৰতিদিনেই এটাৰ পিচত আনটোকৈ চাঞ্চল্যকৰ অপৰাধ অথবা হত্যাৰ ঘটনাই দখল কৰিছে সংবাদ মাধ্যমৰ শিৰোনাম ৷ সমান্য কথাতেই কোনো বাচ বিচাৰ নকৰাকৈ হত্যাকাণ্ড সংঘটিত কৰিবলৈ কুণ্ঠাবোধ নকৰাৰ হৈছে একাংশ লোকে । কোন ফালে গতি কৰিছে আমাৰ সমাজ ব্যৱস্থা ? যাক লৈ এতিয়া চিন্তিত হৈ পৰিছে সচেতন মহল ৷
লগতে পঢ়ক : Wife killed her husband: কৰিমগঞ্জত পত্নীৰ আক্ৰমণত প্ৰাণ গ’ল স্বামীৰ