ETV Bharat / state

তেজেৰে লিখা প্লে'কাৰ্ড লৈ অখিল গগৈৰ মুক্তিৰ দাবী মনোজ গগৈৰ

author img

By

Published : Nov 6, 2020, 7:30 PM IST

অখিল গগৈৰ মুক্তিৰ দাবীত মুণ্ডন কৰি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিলে অসম প্ৰেমী যুৱ ছাত্র সমাজৰ প্ৰাক্তন মুখ্য উপদেষ্টা মনোজ গগৈয়ে। শোণিতেৰে লিপিবদ্ধ কৰা শ্ল'গান সম্বলিত প্লে'কাৰ্ড হাতত লৈ ক্ষোভ উজাৰিলে বি জে পি চৰকাৰৰ বিৰুদ্ধে।

তেজেৰে লিখা প্লে'কাৰ্ড লৈ অখিল গগৈৰ মুক্তিৰ দাবী মনোজ গগৈৰ
তেজেৰে লিখা প্লে'কাৰ্ড লৈ অখিল গগৈৰ মুক্তিৰ দাবী মনোজ গগৈৰ

টীয়ক, ৬ নৱেম্বৰ: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাসহ বিজেপিৰ নেতাসকলে 'ৰিপাব্লিক টিভি'ৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ মুক্তিৰ দাবী জনাই অহাৰ সময়তে প্ৰায় ১১ মাহে কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈৰ মুক্তিৰ প্ৰসংগও উত্থাপন হৈছে সামাজিক মাধ্যমত। বৃহস্পতিবাৰে টীয়কৰ অসম প্ৰেমী যুৱ ছাত্র সমাজৰ প্ৰাক্তন মুখ্য উপদেষ্টা মনোজ গগৈয়ে অখিল গগৈৰ মুক্তিৰ দাবী জনাই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে।

মুণ্ডন কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে মনোজ গগৈয়ে। কেৱল এয়াই নহয়, তেজেৰে 'অখিল গগৈক মুক্তি দিয়ক' আৰু 'জয় আই অসম' লিখি কৃষক নেতাগৰাকীৰ মুক্তিৰ দাবী তোলে । অসম প্ৰেমী যুৱ ছাত্র সমাজৰ টীয়কস্থিত মুখ্য কাৰ্যালয়ত ৰূপায়িত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত মনোজ গগৈয়ে মুণ্ডন কৰি চৰকাৰখনৰ এনে কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি অখিল গগৈক অনতি পলমে মুক্তিৰ দাবী জনাইছে। অন্যথা ২০২১ৰ নিৰ্বাচনত বিজেপিৰ স্বেচ্ছাচাৰী শাসনৰ প্ৰত্যুত্তৰ অসমৰ ৰাইজে দিব বুলি হুংকাৰ দিয়ে মনোজ গগৈয়ে ।

লগতে পঢ়ক:চুতীয়া জনগোষ্ঠীৰ ঐতিহাসিক সমল সংৰক্ষণৰ উদ্দেশ্যে মৰাণত সংগ্ৰহালয় মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.