ETV Bharat / state

অখিল গগৈৰ মাতৃৰ স্বাস্থ্যৰ বুজ ল'লে শৃংখল চলিহাই

জেএমচিএইচৰ আই চি ইউত চিকিৎসাধীন হৈ থকা কৃষক নেতা অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ স্বাস্থ্যৰ বুজ ল'লে শৃংখল চলিহাই ৷

author img

By

Published : Feb 12, 2021, 9:23 AM IST

অখিল গগৈৰ মাতৃৰ স্বাস্থ্যৰ বুজ ল'লে শৃংখল চলিহাই
অখিল গগৈৰ মাতৃৰ স্বাস্থ্যৰ বুজ ল'লে শৃংখল চলিহাই

যোৰহাট, 12 ফেবেৰুৱাৰী: বিগত 14 মাহে কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা অখিল গগৈৰ মুক্তিৰ বাবে আশাৰে বাট চাই চাই ৰুগীয়া হৈ পৰা মাতৃ প্ৰিয়দা গগৈৰ স্বাস্থ্যৰ বুজ ল'লে শৃংখল চলিহাই ৷ মাতৃত্বৰ আবেগ আৰু পুত্ৰ স্নেহে শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল কৰি পেলোৱা মাতৃ গৰাকীৰ স্বাস্থ্যৰ বুজ ল'বলৈ বৃহস্পতিবাৰে যোৰহাট মেডিকেল কলেজত উপস্থিত হয় বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা ৷

চলিহাই উপস্থিত হৈ কয় যে, অখিল গগৈৰ মাতৃক যদি কিবা অঘটন ঘটে তেন্তে তাৰ বাবে দায়ী হ'ব হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল ৷ এগৰাকী মাতৃক ইমান কষ্ট দিয়া বিজেপি চৰকাৰক 2021 চনৰ বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজে ব্ৰহ্মপুত্ৰত পেলাই দিব ৷

উল্লেখ্য যে, মঙলবাৰে পুৱাৰ ভাগত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল অখিল গগৈৰ মাতৃক ৷ হঠাতে অসুস্থ হৈ পৰা প্ৰিয়দা গগৈক জেএমচিএইচত ভৰ্তি কৰোৱাৰ পাচতে সম্প্ৰতি আই চি ইউত চিকিৎসাধীন হৈ আছে ৷

লগতে পঢ়ক: ৰঞ্জন গগৈ বিতৰ্কঃ বিপদত তৃণমূল সাংসদ মহুৱা মৈত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.