ETV Bharat / state

যোৰহাটৰ গৰখীয়া দৌলত আয়োজন মহা শিৱৰাত্ৰি - গৰখীয়া দৌল

মহা শিৱৰাত্ৰিৰ বাবে সাজু যোৰহাটবাসী

যোৰহাটৰ গৰখীয়া দৌলত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন মহা শিৱৰাত্ৰী পূজা
author img

By

Published : Mar 1, 2019, 9:09 PM IST

যোৰহাট,১মাৰ্চ:পৱিত্ৰ শিৱৰাত্ৰিলৈ মাজত মাত্ৰ কেইটামান দিন । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে যোৰহাটৰ ঐতিহাসিক গৰখীয়া দৌলো সাজু হৈ উঠিছে শিৱৰাত্ৰিৰ বাবে।

যোৰহাটৰ গৰখীয়া দৌলত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন মহা শিৱৰাত্ৰী পূজা

প্ৰতি বছৰৰ দৰে এইবৰ্ষও গৰখীয়া দৌলত তিনিদিনীয়া কাৰ্যসূচীৰে শিৱৰাত্ৰি পালন কৰা হ'ব বুলি জনাইছে মুখ্য পূজাৰী নিপুল গোস্বামীয়ে ।

মহা শিৱৰাত্ৰীৰ আয়োজন।।

দেৱাদী দেৱ মহাদেৱৰ প্ৰৱিত্ৰ শিৱৰাত্ৰী।হিন্দু ধৰ্মৰ আৰধ্য ইশ্বৰ সংহাৰৰ্কত্ৰা মহাদেৱৰ মহা শিৱৰাত্ৰীৰ সমগ্র ৰাজ্যখনৰ লগতে যোৰহাট জিলা তো আয়োজন পূৰ্ণ গতিত।যোৰহাটৰ ঐতিহাসিক গৰখীয়া দলতো তিনিদিনীয়াকৈ পালন মহা শিৱৰাত্ৰীৰ।
ইতিহাস প্ৰসিদ্ধ গৰখীয়া দলৰ তাপয্য ই সুকীয়া।জনশ্ৰুতি মতে বৰ্তমান দল থকা ঠাই খনৰ ওপৰেদি বহু বছৰৰ আগতে "আই"নামৰ এখন নৈ বৈ গৈছিল।পাছত নৈ খন খুকাই গৈ নৈ খনৰ কাষত তেতিয়া এখন আহল-বহল গৰু চৰুৱা পথাৰ আছিল।সেই পথাৰত গৰখীয়া লৰা সকলে গোট খাই সদায় গৰু চৰাইছিল।তাতে এজন প্ৰধান গৰখীয়া ই সদায় বালি দল সাজি ফৰিং ধৰি বলি দিয়াৰ বেৱস্হা কৰিছিল।প্ৰতিদিনে পাল পাতি এজন গৰখীয়াই ফৰিং ধৰি আনি বালিৰে দলৰ সন্মুখত বিৰিণা পাতৰে বলি দি গৰখীয়াৰ নিতৌ কৰিব লগা পূজা শেষ কৰি ঘৰলৈ ঘুৰি গৈছিল।এদিন এজন গৰখীয়াৰ পাল পৰিল ফৰিং বলি দিয়াৰ।কিন্তু ফৰিং বিছাৰি নাপাই গৰখীয়া জনে নিজৰ ডিঙিটোকে আগ বঢ়াই দিলে বলি দিবলৈ।আৰু বিৰিণা পাতৰে গৰখীয়া জনৰ ডিঙিত ৰেপ দিয়াৰ লগে লগে গৰখীয়া ৰ ডিঙিটোকে চিগি গল।এনে অলৈকিক ঘটনা সংঘটিত হোৱাত গৰখীয়া সকলে চিঞৰ বাখৰ কৰি ওচৰৰ জনোৱাত ৰাইজে দেৱতা থকা বুলি সেই ঠাই বেৰি পেলালে।পাছৰ দিনা গাৱৰ ৰাইজে বালি দমৰ ঠাইত উইহাফলুৰ দৰে ওখ দল হোৱা দেখা পায় আৰু তেতিয়াৰ পৰাই পূজা অৰ্চনা কৰিবলৈ ললে।কালক্ৰমত তাত এটা মন্দিৰৰ নিৰ্মাণ কৰি প্ৰতি বছৰে মহা শিৱৰাত্ৰীৰ পালন কৰি আহিছে।মান্যতা আছে গৰখীয়া দলত শিৱ ৰাত্ৰীৰ দিনা পূজা অৰ্চনা কৰিলে মনোবাঞ্চা পূৰন হয়।

উল্লেখযোগ্য যে যোৰহাট সৰুচৰাই মৌজাৰ দিচৈকোষ দলটিৰ নামৰে ঠাইখনৰ নাম গৰখীয়া দল অঞ্চল বুলি আহোম ৰজাৰ ৰাজত্বৰ কালৰে পৰাই জনাজাত।সাধাৰণ ৰাইজৰ মাজত চলি অহা প্ৰবাদ মতে অসমৰ শিৱসিংহ ৰজাৰ দিনত গৰখীয়া দলত প্ৰথম বলিৰ ঘটনা ঘটে।
বৰ্তমানে গৰখীয়া দলৰ মুখ্য পূজাৰী গ্ৰহন কৰা নিপুল গোস্বামীয়ে পূৰ্বতে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকতা কৰিছিল কিন্তু পূৰ্বপুৰুষ আৰাধনা স্হলী গৰখীয়া দলৰ পূজাৰী হোৱাৰ বাবে ই শিক্ষকৰ জীৱিকা বাদ দিলে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.